Begin typing your search above and press return to search.

মমতা বেনাৰ্জীয়ে প্ৰত্যেক বছৰে মোলৈ উপহাৰ প্ৰেৰণ কৰে: নৰেন্দ্ৰ মোদী

মমতা বেনাৰ্জীয়ে প্ৰত্যেক বছৰে মোলৈ উপহাৰ প্ৰেৰণ কৰে: নৰেন্দ্ৰ মোদী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 April 2019 9:52 AM GMT

বলীউড অভিনেতা অক্ষয় কুমাৰ লগত হোৱা এক কথোপকথন অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে যে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰত্যেক বছৰে তিনি-চাৰি বাৰকৈ তেওঁ লৈ উপহাৰ প্ৰেৰণ কৰে। লগতে কয় এই কথা শুনি জনসাধাৰণ আচৰিত হোৱাৰ লগতে নিৰ্বাচনৰ সময়ত এই কথা কোৱা অনুচিত হব যে মমতা বেনাৰ্জীয়ে মোদীলৈ প্ৰত্যেক বছৰে উপহাৰ প্ৰেৰণ কৰে।

প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে যে মমতা বেনাৰ্জীয়ে বৰ্তমানেও তেওঁলৈ এটা অথবা দুটা চোলা উপহাৰ হিচাপে প্ৰেৰণ কৰে ।অনুষ্ঠানতো সম্প্ৰচাৰ হোৱা এদিনৰ পুৰ্বে নৰেন্দ্ৰ মোদীয়ে পশ্চিম বংগৰ এক ৰেলীত অংশগ্ৰহণকাৰী কৰি মমতা বেনাৰ্জীক তীব্ৰ সমালোচনা কৰিছিল ।

অভিনেতা অক্ষয় কুমাৰৰ লগত হোৱা কথোপকথনত অনুষ্ঠানত মোদীয়ে কয় যে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনায়ে প্ৰত্যেক বছৰ নতুন নতুন মিঠাই তেওঁলৈ প্ৰেৰণ কৰে । মমতা বেনাৰ্জীয়ে এই কথা অবগত হোৱাৰ পাছত তেওঁ প্ৰত্যেক বছৰে এবাৰ অথবা দুবাৰকৈ মিঠাই পঠিয়াবলৈ আৰম্ভ কৰে বুলি প্ৰকাশ কৰে মোদীয়ে।

পশ্চিম বংগৰ আচাঞ্চলত এক ৰেলীত অংশগ্ৰহণকাৰী কৰি প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰকাশ কৰিছিল যে মমতা বেনাৰ্জীয়ে এমুঠি মান আসনৰ পৰা নিৰ্বাচনত অবতীৰ্ণ হৈ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন দেখিছে । যদি প্ৰধানমন্ত্ৰীৰ আসন খন নিলাম হল হয়, কংগ্ৰেছ আৰু মমতা বেনাৰ্জীয়ে তেওঁলোকৰ শোষণৰ সকলো দিবলৈ সন্মতি হল হয় বুলি প্ৰকাশ কৰে ।কিন্তু প্ৰধানমন্ত্ৰী পদটো ১৩০ কোটি জনসাধাৰণৰ আশীষ বুলি প্ৰকাশ কৰে মোদীয়ে ।

অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ বিৰোধী দলৰ কোনোবা ভাল বন্ধু আছে নেকি বুলি সোধা প্ৰশ্নত প্ৰধানমন্ত্ৰীয়ে কয় তেওঁৰ যথেষ্ট খিনি ভাল বন্ধু আছে। আৰু একেলগে আমি আহাৰ গ্ৰহণ কৰো বুলি প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰকাশ কৰে যে যেতিয়া তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল সেই সময়ত কংগ্ৰেছৰ নেতা গুলাম নবী আজাদৰ লগত ভাল বন্ধুত্ব আছিল । সংবাদ মাধ্যমে আচৰ্য প্ৰকাশ কৰিছিল যে মোদী আৰু গুলাম নবী আজাদে বহুবাৰ মিলিত হৈছিল আৰু কেনেকৈ আৰ এচ এচ লোকে আজাদৰ লগত বন্ধুত্ব কৰিব পাৰে বুলি প্ৰকাশ কৰে মোদীয়ে।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি