Begin typing your search above and press return to search.

মমতা বেনাৰ্জী আৰু তেওঁৰ প্ৰতিনিধি দলক সমালোচনা প্ৰদীপ দত্ত ৰয়ৰ

মমতা বেনাৰ্জী আৰু তেওঁৰ প্ৰতিনিধি দলক সমালোচনা প্ৰদীপ দত্ত ৰয়ৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Aug 2018 10:00 AM GMT

সদৌ কাচাৰ কৰিমগঞ্জ হাইলাকান্দি ছাত্ৰ সন্থাৰ সভাপতি তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা প্ৰদীপ দত্ত ৰয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংছৰ সচিব মমতা বেনাৰ্জী আৰু তেওঁৰ প্ৰতিনিধি দলক কঠোৰ ভাষাৰে সমালোচনা কৰে।ৰয়ে কয় যে অসমত তৃণমূল কংগ্ৰেছৰ কোনোধৰনৰ শিপা নাই বাবে,এনআৰচি প্ৰকাশৰ পাছত প্ৰতিনিধিৰ দল প্ৰেৰণ কৰি অসমত তৃণমূল কংগ্ৰেছৰ স্থিতি মজবুত কৰিবৰ বাবে চেষ্টা কৰিছে।অসগ্ৰেমৰ ৰাইজৰ স্বাভিমানৰ লগত ৰাজনীতি নকৰিবলৈ মমতা বেনাৰ্জীক সকিয়াই দিয়ে ছাত্ৰ নেতাজনে।

শিলচৰ আৰক্ষীয়ে অসমৰ এনআৰচি বুজ লবলৈ অহা তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি দলক কুম্ভীৰগ্ৰাম বিমান বন্দৰত আৱদ্ধ কৰি ৰখাৰ পাছত তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি দলৰ সদস্য কলিকতালৈ উভতি গৈছিল।পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ সচিব মমতা বেনাৰ্জীৰ প্ৰৰোচনাত এনআৰচি সন্দৰ্ভত আলোচনাৰ বাবে আহিছিল প্ৰতিনিধিৰ দলটো।কাচাৰ জিলাৰ প্ৰশাসনে শিলচৰত ইতিমধ্যে ১৪৪ ধাৰা জাৰি কৰিছিল।

প্ৰতিনিধিৰ দলটোত তৃণমূল কংগ্ৰেছৰ সাংসদ ক্ৰমে সুখেন্দু শেখৰ ৰয়,কাকলি ঘোষ দস্তিদাৰ,ৰত্ন দে নাগ,নাদিমুল হক,অৰ্পিতা ঘোষ,মমতা ঠাকুৰ,ৰাজ্যিক মন্ত্ৰী ফিৰহাদ হাকিম আৰু বিধায়ক মহুৱা মইট্ৰা এনআৰচি সম্পৰ্কত আলোচনা কৰিবলৈ শিলচৰত উপস্থিত হৈছিল।এয়াৰ ইএনআৰচিৰ চূড়ান্ত খচৰাৰ পৰা কাচাৰ জিলাৰ ৪,০৭,৭০৭ জন লোকৰ নাম বাদ পৰিছিল।

Next Story
চাকৰি