মহানগৰীত অ’লা-উবেৰ চালক আৰু মালিকৰ প্ৰতিবাদ

মহানগৰীত অ’লা-উবেৰ চালক আৰু মালিকৰ প্ৰতিবাদ
Published on

আজি মহানগৰীত অ’লা-উবেৰ চালক আৰু মালিক সকলে এক প্ৰতিবাদী কাৰ্য্যসুচী ৰূপায়ন কৰে । খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা উবেৰ কাৰ্যালয়লৈ উলিয়াই এক প্ৰতিবাদী সমদল। দীৰ্ঘদিন ধৰি ইনচেনটিভ বন্ধ কৰাকলৈ এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে অ’লা-উবেৰ চালক আৰু মালিক সন্থাই । এই সমদলটোত শতাধিক অ’লা-উবেৰ চালক আৰু মালিকে অংশগ্ৰহণ কৰি পৰিবেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকলে যাতে প্ৰতিবাদ অধিক তীব্ৰতৰ কৰি গঢ়ি তুলিব নোৱাৰে তাৰ বাবে আৰক্ষীৰ দল এটাৰ লগতে এখন বৰুণ বাহন মোতায়ন কৰা হয় প্ৰতিবাদস্থলীত । প্ৰথম দুই কিলোমিটাৰত নিম্নতম ১০০টকা ভাৰা নিৰ্ধাৰণ, অ’লা-উবেৰ কৰ্তৃপক্ষই ২৬শতাংশৰ পৰিৱৰ্তে ১০শতাংশ সংগ্ৰহ , পূৰ্বৰ দৰে বানচ দিয়া , অ’লা-উবেৰ নতুন গাড়ীৰ অন্তৰ্ভুক্তি বন্ধ আদি বহুকেইটা দাবী জনায় জিলা প্ৰশাসনলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com