Begin typing your search above and press return to search.

মহাৰাষ্ট্ৰৰ আহমেদনগৰত মোদীৰ নিৰ্বাচনী প্ৰচাৰ: কংগ্ৰেছক সমালোচনা

মহাৰাষ্ট্ৰৰ আহমেদনগৰত মোদীৰ নিৰ্বাচনী প্ৰচাৰ: কংগ্ৰেছক সমালোচনা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 April 2019 12:29 PM GMT

মহাৰাষ্ট্ৰৰ আহমেদনগৰত এক ৰেলীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহন কৰি কংগ্ৰেছক সমালোচনা কৰে। ভোটাৰক এজন "সৎ চকীদাৰ" আৰু এজন "দুৰ্নীতি নামদাৰ " ৰ মাজত কাক সমৰ্থন কৰিব বুলি প্ৰশ্ন কৰে এই ৰেলীত অংশগ্ৰহণ কৰি ।

কংগ্ৰেছক সমালোচনা কৰি মোদীয়ে কয় কংগ্ৰেছ দল দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব নাই । দেশবাসীয়ে বৰ্তমান " কংগ্ৰেছক আতৰ কৰা আৰু দেশৰ দৰিদ্ৰতা নাইকিয়া কৰা " শ্লোগানত সমৰ্থন কৰে।

লগতে প্ৰকাশ কৰে সমগ্ৰ দেশবাসীৰ এটাই ভাষ্য আৰু এই বিস্বাসে তেওৰ শক্তি আৰু জন বিস্বাসে মোদীক শক্তিশালী কৰি ডাঙৰ সিদ্ধান্ত লবলৈ সহায় কৰে বুলি প্ৰকাশ কৰে মোদীয়ে । লগতে কয় " এতিয়া আপোনালোকে সিদ্ধান্ত লওক যে এজন সৎ চকীদাৰক ভোট দিব নে দুৰ্নীতিগ্ৰস্থ নামদাৰ" ক ভোট দিব ।

মোদীয়ে কয়," চকীদাৰে সন্ত্ৰাসবাদীৰ পৰা দেশক সুৰক্ষিত কৰিব। হিংসাত্মক কাৰ্যৰ লগত জৰিত সকলক বিশ্বৰ যিকোনো কোণৰ পৰা বিচাৰি উলিয়াই শান্তি দিব বুলি প্ৰকাশ কৰে।

ৰাষ্ট্ৰীয় কংগ্ৰেছৰ মুখ্য শ্বাৰদ পাৱাৰক আক্ৰমণ কৰি মোদীয়ে প্ৰকাশ কৰে যে কংগ্ৰেছ আৰু ৰাষ্ট্ৰীয় কংগ্ৰেছ পাৰ্টিয়ে ভাৰতৰ পৰা জম্বু কাশ্মীৰৰ ক পৃথক কৰিবলৈ আৰু এখন দেশত দুজন প্ৰধানমন্ত্ৰী থকাটো সমৰ্থন কৰে বুলি সমালোচনা কৰে ।

লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে সন্ত্ৰাসবাদীৰ হিংসাত্মক কাৰ্যকলাপৰ বিপৰীতে কংগ্ৰেছৰ শাসনৰ কালত দেশবাসীয়ে কেবল দুখ পাইছে । মুম্বাই আক্ৰমণ আৰু পুনে বোমা বিস্ফোৰণত কংগ্ৰেছ চৰকাৰে কোনো ব্যবস্থা গ্ৰহণ কৰা নাছিল বুলি প্ৰকাশ কৰে । কিন্তু চকীদাৰৰ চৰকাৰৰ শাসন কালত সন্ত্ৰাসবাদীৰ প্ৰতেকটো আক্ৰমণৰ প্ৰত্যুত্তৰ দিছে বুলি প্ৰকাশ কৰে।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি