Begin typing your search above and press return to search.

মহাৰাষ্ট্ৰৰ গড়চিৰলিত আই ই ডি বিস্ফোৰণ: ১৫ জন নিৰাপত্তা ৰক্ষী শ্বহীদ

মহাৰাষ্ট্ৰৰ গড়চিৰলিত আই ই ডি বিস্ফোৰণ: ১৫ জন নিৰাপত্তা ৰক্ষী শ্বহীদ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 May 2019 11:18 AM GMT

মহাৰাষ্ট্ৰৰ গড়চিৰলিত ভয়াবহ আইডি বিস্ফোৰণ সংঘটিত হৈছে । মাওবাদীয়ে সংঘটিত কৰা এই ভয়াবহ বিস্ফোৰণটোত ১৫ জন নিৰাপত্তা ৰক্ষী শ্বহীদ হোৱাৰ লগতে, এজন চালক নিহত হৈছে । জোৱান সকলৰ গাড়ীত লক্ষ্য কৰি এই আক্ৰমণটো সংঘটিত কৰে মাওবাদীয়ে ।

এইটো গড়চিৰলিত সংঘটিত চতুৰ্থটো বোমা বিস্ফোৰণ। এপ্ৰিলৰ পৰা আৰম্ভ হোৱা নিৰ্বাচনৰ পাছত ছট্টিগড় সীমান্তত সংঘটিত চতুৰ্থটো বোমা বিস্ফোৰণ ।

এই আক্ৰমনৰ তীব্ৰ গৰিহণা দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে যে জোৱান সকলৰ ত্যাগ অথলে যাবলৈ নিদিয়ে । লগতে পৰিয়ালৰ লোকলৈ সমবেদনা জ্ঞাপন কৰে ।

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱন্দ্ৰ ফাণ্ডাৱিজ মাওবাদী আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে প্ৰকাশ কৰে যে, এই আক্ৰমন বিৰুদ্ধে শক্তিশালী ব্যবস্থা গ্ৰহণ কৰিব লাগিব ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙেও এই আক্ৰমনৰ ঘটনাক গৰিহণা দিছে। ৰাজনাথ সিঙে টুইটাৰ যোগে প্ৰকাশ কৰে যে ঘটনাৰ সন্দৰ্ভত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱন্দ্ৰ ফাণ্ডাৱিজৰ লগত কথা পাতিছে আৰু শ্বহীদ জোৱানৰ পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে । ৰাজ্য চৰকাৰক যি সাহাৰ্য্যৰ প্ৰয়োজন হয় সহায় কৰিব বুলি প্ৰকাশ কৰে। গৃহ মন্ত্ৰালয়ে ৰাজ্য চৰকাৰৰ লগত সম্বন্ধ অহৰহ বজাই ৰাখিছে বুলি প্ৰকাশ কৰে।

মহাৰাষ্ট্ৰৰ গন্দিয়াৰ দাদাপুৰ গাঁওত মাওবাদীয়ে প্ৰায় ২৭ গাড়ীত অগ্নি সংযোগ কৰিছিল । ২০০৯ চনৰ পিছত গড়চিৰলিৰ এইটো ভয়ংকৰ আক্ৰমণৰ ঘটনা বুলি প্ৰকাশ কৰে । ২০০৯ চনত গ্যাৰাপাটি, লাহেৰি আৰু হাটিগটা ৰ পৃথকেসংঘটিত আক্ৰমণত ৫১ জন নিৰাপত্তা শ্বহীদ হৈছিল ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি