Begin typing your search above and press return to search.

মহিলাসকলৰ সবলীকৰনৰ অবিহনে গ্ৰামোঞ্চলৰ উন্নয়ন অসম্ভৱ : মন্ত্ৰী ৰঞ্জিত দত্ত

মহিলাসকলৰ সবলীকৰনৰ অবিহনে গ্ৰামোঞ্চলৰ উন্নয়ন অসম্ভৱ : মন্ত্ৰী ৰঞ্জিত দত্ত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 July 2018 8:51 AM GMT

লক্ষিমপুৰ জিলাৰ পানীগাঁও প্ৰগতি সংঘৰ প্ৰেক্ষাগৃহত অনুস্থিত হোৱা টেলাহী উন্নয়ন খণ্ডৰ ক্লাচটাৰ প্ৰকল্পৰ সজাগতা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাজ্যৰ হস্ত-তাঁত আৰু বস্ত,ৰেচম আৰু সংখ্যালঘু উন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্ত উপস্থিত থাকি কয় যে মহিলা সবলীকৰনৰ অবিহনে গ্ৰামোঞ্চলৰ উন্নয়ন অসম্ভৱ,সেইবাবে বিজেপি চৰকাৰে মহিলাসকলৰ বাবে বহুত আঁচনি ৰূপায়ন কৰিছে যাতে গ্ৰামোঞ্চলৰ মহিলাসকল স্বাৱলম্বী হব পাৰে।সেইবাবে মই সকলো মহিলাক এই আঁচনি সমূহৰ সুযোগ গ্ৰহন কৰি স্বাৱলম্বী হৈ দেশৰ অৰ্থনৈতিক ক্ষেত্ৰত অৰিহনা যোগাবৰ বাবে অনুৰোধ জনালো।সভাত লক্ষিমপুৰ সমষ্টিৰ বিধায়ক উৎপল দত্ত,হস্ত-তাঁত আৰু বস্ত বিভাগৰ সঞ্চালক বিষ্ণু কমল বৰাৰ লগতে ভালে সংখ্যক গন্য-মান্য ব্যক্তি আৰু সাধাৰন ৰাইজ উপস্থিত থাকে।

Next Story