Begin typing your search above and press return to search.

মহিলা সকলৰ বাবে ৩৩% চাকৰি সংৰক্ষণ সুনিশ্চিত : ৰাহুল গান্ধী

মহিলা সকলৰ বাবে  ৩৩% চাকৰি সংৰক্ষণ সুনিশ্চিত : ৰাহুল গান্ধী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 April 2019 11:05 AM GMT

কংগ্ৰেছ যদি ক্ষমতালৈ আহে মহিলা সকলৰ বাবে ৩৩% চাকৰি সংৰক্ষণ সুনিশ্চিত কৰা হব বুলি প্ৰকাশ কৰে ৰাহুল গান্ধীয়ে ।

পুনেত ছাত্ৰ ছাত্ৰী সকলৰ লগত মত বিনিময় কৰি ৰাহুল গান্ধীয়ে প্ৰকাশ কৰে যে মহিলা সকলৰ বাবে চৰকাৰী খণ্ডত ৩৩% চাকৰি সংৰক্ষণৰ সুনিশ্চিত কৰাৰ লগতে বিধান সভা আৰু সংসদত মহিলাৰ বাবে একতৃতীয়াংশ পদ সুনিশ্চিত কৰিব।

উপাৰ্জন গেৰান্টি আঁচনিৰ ওপৰত শিক্ষাৰ্থীয়ে সোধা প্ৰশ্নৰ উত্তৰত ৰাহুল গান্ধীয়ে কয় যে অনিল আম্বানী বা মেহুল চকচিয়ে কিমান চাকৰি দিছে? লগতে কয় যে বৰ্তমান ভাৰতৰ অৰ্থনীতি স্থবিৰ হৈছে আৰু যেতিয়া ধন জনসাধাৰণৰ হাতত দিয়া হব আৰু তেওঁলোকে খৰচ কৰিব তেতিয়া অৰ্থনীতি গতি কৰিব ।

লগতে ৰাহুল গান্ধীয়ে NYAY ইনকম গেৰান্টি আচনিৰ কথা উল্লেখ কৰি কংগ্ৰেছে এই আচনি খন সফল ভাৱে ৰূপায়ণ কৰিব বুলি প্ৰকাশ কৰে । শিক্ষিত নিবনুৱা আৰু কম মজুৰিৰ প্ৰসংগত সোধা প্ৰশ্নত ৰাহুল গান্ধীয়ে কয় যে ভাৰতত প্ৰত্যেক ২৪ ঘন্টাত ২৭,০০০ চাকৰি হেৰুৱাইছে । কাৰণ ব্যক্তিৰ সামৰ্থ আৰু দক্ষতাক সন্মান নিদিয়াৰ বাবে আৰু বিশ্ববিদ্যালয় আৰু বানিজ্য অথবা তেনেকোনো যোগসূত্ৰ নথকাৰ বাবে এই সমস্যাৰ সৃষ্টি হৈছে ।

লগতে ৰাহুল গান্ধীয়ে প্ৰকাশ কৰে যে আজিৰ সত্যক মানি লোৱাৰ তেওঁৰ সাহস আছে। সত্যৰ ওপৰত ভিত্তি কৰিয়ে কাম কৰি গৈছো , সাহসৰ পৰায়ে নম্ৰতা আহে আৰু নম্ৰতাৰ ওপৰতে সত্য প্ৰতিষ্ঠিত বুলি প্ৰকাশ কৰে । লগতে কয় তেও সদায় খেতিয়কৰ দৰে দুৰ্বল লোকৰ হৈ থিয় দিয়ে ।

বিমুদ্ৰাকৰনৰ প্ৰসংগত ৰাহুল গান্ধীয়ে কয় যে বিমুদ্ৰাকৰন এক ধ্বংসাত্মক বিচাৰ । যিকোনো অৰ্থনীতিবিদক সুধিব পাৰে। বিমুদ্ৰাকৰনৰ ফলত ভয়াবহ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে আৰু ২% জি ডি পি হেৰুৱাইছে । বহুতে চাকৰি হেৰুৱাব লগা হৈছে আৰু প্ৰক্ৰিয়াটো ক্ষতি কৰাৰ বাদে বিমুদ্ৰাকৰনৰ ফলত কোনো লাভ হোৱা নাই বুলি প্ৰকাশ কৰে।

বালাকোটত এয়াৰ ষ্ট্ৰাইক প্ৰসংগ উল্লেখ কৰি কয় তেও এয়াৰ ফ'ৰ্চ ষ্ট্ৰাইকক ৰাজনীতিকৰন কৰাটোৰ বিৰোধিতা কৰে আৰু ইয়াৰ সম্পুৰ্ণ সফলতা বায়ুসেনা আৰু পাইলটলৈ যায় বুলি প্ৰকাশ কৰে ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি