মহিলাৰ T-20 মেচত জয়লাভ ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ

মহিলাৰ T-20 মেচত জয়লাভ ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ
Published on

গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ দ্বিতীয় খন T-20 খেল ।দ্বিতীয়খন T-20 মেচতো জয়লাভ ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ। টছত জিকি প্ৰথমে ফিল্ডিং কৰিছিল ইংলেণ্ডে।২–০ ব্যৱধানেৰে শৃংখলা দখল কৰিলে ইংলেণ্ডে। দ্বিতীয়খন খেলত ৫ উইকেটত জয়লাভ কৰে আলহী দলটোৱে। প্ৰথমে বেটিং কৰি ভাৰতে ৮ উইকেটত সংগ্ৰহ কৰে ১১১ ৰান। প্ৰত্যুত্তৰত ৫টা উইকেট হেৰুৱাই ইংলেণ্ডে সংগ্ৰহ কৰে ১১৪ ৰান।

আজিৰ মেচখন ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল কাৰণ তিনিখন শৃংখলাৰ প্ৰথমখন খেলত ইংলেণ্ডৰ হাতত পৰাস্ত হৈছিল ভাৰত । আজিৰ খেল খনতো ইংলেণ্ডৰ হাতত পৰাস্ত ভাৰতৰ দল ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com