Begin typing your search above and press return to search.

মহৰমৰ লগত সংগতি ৰাখি "দুফুৰী মাত্তাম" অনুষ্ঠানৰ আয়োজন কৰে

মহৰমৰ লগত সংগতি ৰাখি দুফুৰী মাত্তাম অনুষ্ঠানৰ আয়োজন কৰে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Sep 2018 12:44 PM GMT

আজি ইছলাম ধৰ্মীয় লোক সকলৰ পৱিত্ৰ মহৰম। এই পৱিত্ৰ মহৰমৰ লগত সংগতি ৰাখি দেশী জনগোষ্ঠীয় মঞ্চ অসম য়ে ধুবুৰী আৰু বঙাইগাঁও জিলাৰ সীমান্তবৰ্তী ফুলকুমাৰী গাঁৱত "দুফুৰী মাত্তাম" অনুষ্ঠানৰ আয়োজন কৰে।

হিন্দু ধৰ্মৰ পৰা ধৰমান্তৰিত হৈও দেশী মুছলমান সকল কীৰ্তন জাতীয় প্ৰাৰ্থনাৰ কৌশল যেন এতিয়াও পাহৰিব পৰা নাই। তাহানিৰ ধৰ্মপ্ৰচাৰক সকলে ইমাম হুছেইনৰ কাৰবালাৰ ইউফ্ৰেটিছ নদীৰ পাৰত এজিদৰ হাতত প্ৰাণ হেৰুওৱা কাহিনীক নাগাৰা বজাই হাত চাপৰি বজাই দুখৰ কৰুণ গাথা এনেদৰে গাইছিল। মূল মহৰমৰ আগদিনা ভৰদুপৰীয়া এই জাৰি গাই পিছত ঘুৰি ঘুৰি নাচি আৰু কৰুণ গীত গাই মাতম কৰে অৰ্থাৎ দুখ প্ৰকাশ কৰে এই সকল দেশী মুছলমান এ ।

বৰ্তমানে ধৰ্মীয় পৰিবৰ্তনৰ কড়াল গ্ৰাসত ঐতিহাসিক এই পৰম্পৰা প্ৰায় নোহোৱা হব ধৰিছে । দেশী জনগোষ্ঠীয় মঞ্চ, অসম এ নিজৰ সংস্কৃতিৰ উদ্ধাৰৰ কাৰণে সম্প্ৰতিৰ এক সাংস্কৃতিক আন্দোলন গঢ়ি তুলিছে আৰু তাৰ অংগ হিচাপে সংগঠনটোৰ চাপৰ আঞ্চলিক সমিতিয়ে ধুবুৰী আৰু বঙাইগাঁও জিলাৰ সীমান্তবৰ্তী ফুলকুমাৰী গাঁৱত এই "দুফুৰী মাত্তাম" অনুষ্ঠানৰ আয়োজন কৰে।

Next Story
চাকৰি