ছত্তীশগড়ৰ বিজাপুৰত অব্যাহত আছে নিৰাপত্তাৰক্ষীৰে মাওঁবাদীৰ সংঘৰ্ষ । বিজাপুৰৰ সেনাৰ ঘাটিত সংঘটিত হৈছে এক ভয়ংকৰ বিস্ফোৰণৰ ঘটনা ।
সীমা সুৰক্ষা বাহিনীৰ বাহনক লক্ষ্য কৰি চলোৱা হয় আই ই ডি বিস্ফোৰণ । আই ই ডিটো মাওবাদীয়ে সংস্থাপন কৰিছিল বুলি সেনা বাহিনীয়ে তথ্য লাভ কৰিছে ।
মাওঁবাদীৰ আক্ৰমণত সীমা সুৰক্ষা বাহিনীৰ ছয় জন জোৱান আহত হোৱাৰ লগতে এজন নাগৰিকো আহত হয় বুলি জানিব পৰা গৈছে । আহত জোৱান কেইজনক বিজাপুৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।
তাৰে দুজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। এই ঘটনাৰ পাছতে মাওঁবাদীৰ সন্ধানত সেনা বাহিনীয়ে অভিযান আৰম্ভ কৰিছে।