মাকুমত অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ অৱস্হান ধৰ্মঘট

মাকুমত অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ অৱস্হান ধৰ্মঘট
Published on

তিনিচুকীয়া জিলাৰ মাকুমত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদ, মাকুম আঞ্চলিক সমিতিয়ে অসমত ইনাৰ লাইন পাৰৰ্মিট প্ৰৱতনৰ দাবীত তিনিঘন্টীয়া অৱস্হান ধৰ্মঘট পালন কৰে। পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সাংগঠনিক সম্পাদক মনোজ বডা,জাতীয় মহিলা পৰিষদৰ সাধাৰন সম্পাদিকা মায়াৰানী লাহন গগৈ উপস্হিত থাকে। মাকুম আঞ্চলিক সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি নিকুন্জ চুতিয়া আৰু সাধাৰন সম্পাদক উওম গোহাইযে কয় যে জাতীয় অস্তিত্ব ৰক্ষা পাবলৈ ইনাৰ লাইন পাৰৰ্মিট ব্যৱস্হা লাগিব আৰু ইনাৰ লাইন পাৰৰ্মিট ব্যৱস্হাই অসমৰ আৰ্থসামাজিক ,সাংস্কৃতিক ,অৰ্থনৈতিক, ৰাজনৈতিক ৰক্ষা কৰিব । উদাহৰণ হিচাবে অৰুনাচলত এই ব্যৱস্হা থকা বাবে জাতীয় অস্তিত্ব ৰক্ষা পাইছে লগতে ইচ্ছামতে অবৈধ বিদেশী খেদিবলৈ সক্ষম হয় ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com