মাকুম আৰক্ষীৰ জালত দুই ডকাইত

মাকুম আৰক্ষীৰ জালত দুই ডকাইত
Published on: 

আজি মাকুম থানাৰ আৰক্ষীৰ তৎপৰতাত গ্ৰেপ্তাৰ হ'ল দুই ডকাইত। সোমবাৰে মাকুমৰ পৰা এজন পিষ্টল দেখুৱাই লক্ষাধিক টকা লুটি নিয়া দুই ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মাকুম আৰক্ষী। মেটাপুঙৰ বাৰেকুৰীৰ পৰা পাপু চেতিয়া আৰু হাতীজানৰ পৰা পলাশ চেতিয়া নামৰ দুই ডকাইতক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ক্ৰমে পেঙেৰী আৰু আৰু বৰডুমচাৰ পৰা।উক্ত দুই ডকাইত দুজনৰ লগতে ডকাইতিৰ লগত জড়িত দুখন বাইক উদ্ধাৰ কৰে আৰক্ষীয়ে । ঘটনাৰ সৈতে জড়িত পলাতক দুই যুৱকক বিছাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com