মাক-দেউতাকৰ লগত খেতি পথাৰত কাম কৰা সস্কৰ অলী কেনেকৈ হ'ল IAS বিষয়া

মাক-দেউতাকৰ লগত খেতি পথাৰত কাম কৰা সস্কৰ অলী কেনেকৈ হ'ল IAS বিষয়া
Published on

কোনো ব্যক্তিৰ যদি লক্ষ্যত উপনীত হোৱাৰ অদম্য ইচ্ছাশক্তি আৰু আত্মবিশ্বাস থাকে তেতিয়া পৃথিৱীৰ কোনো শক্তিয়ে বাধা দিব নোৱাৰে। সেই কথাক সত্য প্ৰমানিত কৰিলে মনিপুৰৰ প্ৰথম জন আইএএছ বিষয়া হিচাপে নিৰ্বাচিত হোৱা সস্কৰ অলীয়ে।

২০১৬ বেষ্টৰ আইএএছ বিষয়া সস্কৰ অলী মনিপুৰৰ এনেকুৱা এটা সম্ৰদায়ৰ পৰা প্ৰতিনিধিত্ব কৰিছে যিতো সম্ৰদায়ৰ লোকসকল কৃষি কৰ্মৰ প্ৰতি নিৰ্ভৰশীল। মিতেই- পংগল নামৰ এই সম্ৰদায়ৰ লোক মনিপুৰত মাত্ৰ আঠ শতাংশহে আছে।এতিয়া এই সম্ৰদায়ৰ এজন যুৱক সমগ্ৰ দেশৰ সংবাদ জগতৰ চৰ্চাৰ কাৰনেই নহয় লাখ লাখ যুৱ প্ৰজন্মৰ প্ৰেৰনা হিচাপে চিহ্নিত হৈছে।

সস্কৰ অলীয়ে এটা ফেচবুক পেজত নিজৰ কাহিনী প্ৰকাশ কৰি কয় যে তেওঁ নবম মান শ্ৰেনীত পঢ়ি থকোতেই আইএএছ হোৱাৰ সপোন দেখিছিল।বিদ্যালয়ত পঢ়ি থকাৰ সময়ত আজৰি সময়ত মাক-দেউতাকক খেতি পথাৰত সহায় কৰিছিল। ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হোৱাৰ পথৰ অনেক সংঘাতৰ লগতে বহুলোকে তেওঁৰ সপোনক সন্দেহো কৰিছিল বুলি জানিবলৈ দিয়ে। কিন্তু কঠোৰ পৰিশ্ৰম আৰু নিজৰ প্ৰতি থকা আত্মবিশ্বাসৰ বাবেই আজি তেওঁ মনিপুৰৰ প্ৰথম জন ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হোৱাৰ গৌৰৱ অৰ্জন কৰিলে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com