মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোষণাত চীনৰ বাধা: অন্য ব্যবস্থা গ্ৰহণৰ প্ৰস্তাৱ আমেৰিকাৰ

মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোষণাত চীনৰ বাধা: অন্য ব্যবস্থা গ্ৰহণৰ প্ৰস্তাৱ আমেৰিকাৰ
Published on

মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ বুলি ঘোষণা কৰাত পুনৰ চীনৰ বাধা । চতুৰ্থ বাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ মজিয়াত চীনে সন্ত্ৰাসবাদী মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰাৰ পৰা ৰক্ষা কৰিলে । ৰাষ্ট্ৰসংঘ সুৰক্ষা পৰিষদত আমেৰিকা, বৃটেইনত আৰু ফ্ৰান্সে মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ দিছিল। কিন্তু পুনৰ বাৰ চীনে পাকিস্তানৰ পক্ষ ল'লে ।

উল্লেখযোগ্য যে ভাৰতে ইয়াৰ পূৰ্বে মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিবলৈ ৩ বাৰ প্ৰস্তাৱ দিছিল । কিন্তু চীনৰ বাধাৰ বাবে আজি পৰ্যন্ত সন্ত্ৰাসবাদী মাছুদ আজহাৰে মুক্ত ভাৱে হিংসাত্মক কাৰ্যকলাপ চলাই যাবলৈ সক্ষম হৈছে । পুনৰ চতুৰ্থ বাৰৰ বাবেও চীনে ৰাষ্ট্ৰসংঘ সুৰক্ষা পৰিষদৰ মজিয়াত পাকিস্তানৰ পক্ষ লোৱাত ভাৰতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিৰাশাজনক বুলি মন্তব্য কৰিছে ।

চীনে মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ বুলি ঘোষণা কৰাত বাধা আৰোপ কৰাৰ পাছত ৰাষ্ট্ৰসংঘ সুৰক্ষা পৰিষদৰ মজিয়াত আমেৰিকাৰ আমোলাই ৰাষ্ট্ৰসংঘ সুৰক্ষা পৰিষদৰ আন সদস্য সকলক এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হব বুলি প্ৰস্তাৱ দিয়ে । এই প্ৰস্তাৱ উত্থাপন কৰি পৰোক্ষভাৱে চীনক সন্ত্ৰাসবাদীক ৰক্ষনাবেক্ষণ দিয়াৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে । পাকিস্তানৰ অথবা আন দেশৰ সন্ত্ৰাসবাদীক ৰক্ষনাবেক্ষণ দিয়াৰ পৰা বিৰত থাকিব আহ্বান জনাই । মাছুদ আজহাৰক ১২৬৭ অল কায়দা ধাৰাত আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰাৰ প্ৰসংগত চীনে প্ৰকাশ কৰে যে এই প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰিবলৈ আৰু পৰীক্ষা কৰিবলৈ সময়ৰ প্ৰয়োজন ।

লগতে আমেৰিকাৰ আমোলাই প্ৰকাশ কৰে যে যদি ধাৰাবাহিক ভাৱে চীনে পাকিস্তানক সমৰ্থন কৰি যায় তেনে সুৰক্ষা পৰিষদৰ দায়িত্বশীল ৰাষ্ট্ৰ সমুহে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ।

চীনৰ এই পদক্ষেপৰ পাছত ভাৰতে অতি নিৰাশাজনক আখ্যা দিয়াৰ লগতে ভাৰতক সমৰ্থন আগবঢ়োৱা ৰাষ্ট্ৰ সমুহক ধন্যবাদ জ্ঞাপন কৰে ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com