Begin typing your search above and press return to search.

মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ হিচাপে ঘোষণা কৰিলে ৰাষ্ট্ৰসংঘয়ে

মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ হিচাপে ঘোষণা কৰিলে ৰাষ্ট্ৰসংঘয়ে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 May 2019 6:28 AM GMT

ভাৰতৰ ঐতিহাসিক কুটনৈতিক বিজয় । বুধবাৰে ৰাষ্ট্ৰসংঘ সুৰক্ষা পৰিষদে পাকিস্তানৰ জেইছ ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ বুলি ঘোষণা কৰে। উল্লেখযোগ্য যে কাশ্মীৰ পুলোৱামা কাণ্ডৰ প্ৰায় ডেৰ মাহৰ পাছত মাছুদ আজাহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ বুলি ঘোষণা কৰে ৰাষ্ট্ৰসংঘয়ে। ৰাষ্ট্ৰসংঘ এই ৰায়ত ভাৰতে আদৰনি জনাই প্ৰকাশ কৰে যে সঠিক পথৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

এই সিদ্ধান্ত ভাৰতৰ কুটনৈতিক প্ৰচেষ্টাত পূৰ্বে চাৰি বাৰ প্ৰস্তাৱ উত্থাপন হৈছিল যদিও নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য চীনে দিয়া বাধাৰ বাবে মাছুদ আজাহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিব পৰা নাছিল । নিৰাপত্তা পৰিষদৰ আন স্থায়ী সদস্য আমেৰিকা, বৃটেইন আৰু ফ্ৰান্সে মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিবলৈ সমৰ্থন আগবঢ়াইছিল ।

ৰাষ্ট্ৰসংঘৰ ভাৰতৰ স্থায়ী সদস্য চৈয়দ আকবৰুদ্দিনে টুইটাৰযোগে প্ৰকাশ কৰে যে ,ডাঙৰ সৰু সকলোৱে একেলগে সহযোগিতাৰ বাবে মাছুদ আজহাৰক ৰাষ্ট্ৰসংঘয়ে আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয় বুলি জনাই আৰু সকলোৰে সমৰ্থনক কৃতজ্ঞতা জনাই"।

আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী বুলি ঘোষণা কৰাৰ পিছত মাছুদ আজহাৰ সকলো সম্পত্তি বাজেয়াপ্ত কৰাৰ লগতে তেওঁৰ ভ্ৰমণত নিষেধাজ্ঞা আৰোপ কৰা হয়।

কেইদিনমানৰ পূৰ্বে এই বিষয়টোৱে ইতিবাচক অগ্ৰগতি লাভ কৰিছে বুলি প্ৰকাশ কৰে চীনে । মংগলবাৰে চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ গেং ছুৱাঙেও পাকিস্তানৰ সন্ত্ৰাসবাদী জনক ৰাষ্ট্ৰসংঘই তালিকাভূক্ত কৰাটো ইতিবাচক বুলি মন্তব্য কৰে।

আমেৰিকা, বৃটেইন আৰু ফ্ৰান্সে মাছুদ আজাহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী বুলি ঘোষণা কৰাৰ প্ৰস্তাৱ দিওতে চীনে ইয়াৰ বিৰোধিতা কৰিছিল । চীনৰ এনে স্থিতিৰ বাবে ভাৰতে অসন্তুষ্টি ব্যক্তি কৰিছিল ।

মাছুদ আজাহাৰ পাকিস্তানৰ নাগৰিক। সন্ত্ৰাসবাদী সংগঠন জেইছ ই-মহম্মদৰ মুৰব্বী। পাকিস্তানী ইন্টেলিজেন্ট এজেঞ্চী আই এচ আইৰ সহযোগত ২০০০ চনত জেইছ ই-মহম্মদে গঠন কৰিছিল । ১৯৯৯ চনত কাঠমাণ্ডুৰ পৰা দিল্লী অভিমুখী এখন ১৬৬ জন যাত্ৰী কঢ়িয়াই নিয়া ভাৰতীয় বিমান কান্দাহাৰৰ ওচৰত হাইজেক কৰি মাছুদ আজহাৰক মুক্তিৰ দাবী কৰাত ভাৰত চৰকাৰে মুকলি কৰি দিছিল মাছুদ আজহাৰক ।

তাৰ পিছৰ পৰায়ে জেইছ ই-মহম্মদে ভাৰতৰ বিভিন্ন আক্ৰমণৰ ঘটনা সংঘটিত কৰি আহিছে । ২০০১ চনৰ ১৩ ডিচেম্বৰত সংসদ ভৱনত ভয়াবহ আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল ।

১৪ ফেব্ৰুৱাৰীত পুলোৱামাত ভাৰতীয় জোৱানৰ গাড়ীত ভয়াবহ আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল । এই বৰ্বৰ আক্ৰমণৰ ঘটনাত ৪০ জনকৈ সেনা জোৱান শ্বহীদ হৈছিল । এই আক্ৰমনৰ দায়িত্ব স্বীকাৰ কৰিছিল জেইছ ই-মহম্মদে ।

ভাৰতীয় বিষয়া য়ে প্ৰকাশ কৰে যে , কেৱল আমেৰিকাৰ হেঁচাত চীনে মাছুদ আজাহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ বুলি ঘোষণা কৰাত সমৰ্থন আগবঢ়োৱা নাই । কিন্তু আমেৰিকা, ১২৬৭ কমিটিৰ সমৰ্থন আৰু সুৰক্ষা পৰিষদত তেওঁলোকৰ প্ৰস্তাৱত চীন চিন্তিত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰে বুলি প্ৰকাশ কৰে।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি