মাছুদ আজাহাৰ পাকিস্তানতে আছে : পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাহ মেহমুদ কুৰেশ্বী

মাছুদ আজাহাৰ পাকিস্তানতে আছে : পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাহ মেহমুদ কুৰেশ্বী
Published on

সন্ত্ৰাসবাদী সংগঠন জেইছ ই-মহম্মদৰ মুৰব্বী মাছুদ আজাহাৰ পাকিস্তানতে আছে বুলি প্ৰকাশ কৰিছে পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাহ মেহমুদ কুৰেশ্বীয়ে। লগতে কুৰেশ্বীয়ে প্ৰকাশ কৰে যে মাছুদ আজাহাৰ বৰ্তমান অসুস্থ সেয়েহে তেওঁ ঘৰৰ পৰা উলাই যাব পৰা অবস্থাত নাই । বিদেশ মন্ত্ৰী শ্বাহ মেহমুদ কুৰেশ্বীয়ে কয় যে যদি ভাৰতে জেইছ ই-মহম্মদৰ মুৰব্বী মাছুদ আজাহাৰ বিৰুদ্ধে উপযুক্ত তথ্য প্ৰমান দিব পাৰে, তেতিয়া পাকিস্তানে মাছুদ আজাহাক গ্ৰেপ্তাৰ কৰিব। পুনৰ বাৰ আলোচনাৰ বাবে আহ্বান জনাইছে বিদেশ মন্ত্ৰীৰ।

লগতে তেওঁ প্ৰকাশ কৰে যে ১৪ ফেব্ৰুৱাৰীৰ পুলোৱামা কাণ্ডৰ পাছৰ পৰা ভাৰত পাকিস্তানৰ মাজত যুদ্ধ সদৃশ পৰিস্থিতিৰ অব্যাহত আছে । পুলোৱামা কাণ্ডৰ সংঘটিত কৰিছিল পাকিস্তান ভিত্তিক সন্ত্ৰাসবাদী সংগঠনৰ জেইছ ই-মহম্মদে । পুলোৱামা কাণ্ড সংঘটিত কৰাৰ কিছু সময়ৰ পাছতে জেইছ ই-মহম্মদে এই আক্ৰমণ ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছিল । পুলোৱামা কাণ্ডত ৪০ জনকৈ ভাৰতীয় সেনা শ্বহীদ হৈছিল ।

পাকিস্তানৰ চৰকাৰে জেইছ ই-মহম্মদ সন্ত্ৰাসবাদী সংগঠন বুলি স্বীকাৰ কৰে যদি মাছুদ আজাহাক আজি পৰ্যন্ত আটক কিয় কৰা নাই বুলি সোধা প্ৰশ্নত কুৰেশ্বীয়ে কয় যে ভাৰতে যদি উপযুক্ত তথ্য প্ৰমান দিব পাৰে তেতিয়া পাকিস্তানে মাছুদ আজাহাৰক আটক কৰিব। ভাৰতে মাছুদ আজাহাৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন কৰিছে সেই সম্পৰ্কত পাকিস্তানে প্ৰয়োজনীয় ব্যবস্থা গ্ৰহণ কৰিব।

তেওঁ প্ৰকাশ কৰে যে পাকিস্তানে কেতিয়াও কোনো সংগঠনক অথবা ব্যক্তিক ভাৰতৰ বিৰুদ্ধে ব্যবহাৰ কৰিবলৈ দিয়া নহব বুলি কয়। উল্লেখযোগ্য যে মাছুদ আজাহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ বুলি ঘোষণা কৰি বলৈ ভাৰতে কেইবাবাৰো ৰাষ্ট্ৰসংঘত প্ৰস্তাৱ দিছিল ।কিন্তু চীনে সমৰ্থন নজনোৱা বাবে এই প্ৰস্তাৱ স্থগিত ৰাখে ৰাষ্ট্ৰসংঘই।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com