Begin typing your search above and press return to search.

মাছুদ আজাহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ৰূপে ঘোষণাৰ সম্ভাৱনা

মাছুদ আজাহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ৰূপে ঘোষণাৰ সম্ভাৱনা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 March 2019 8:27 AM GMT

মাছুদ আজাহাৰে বিশ্ব শান্তিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি আহিছে । মংগলবাৰে আমেৰিকাই জেইছ ই-মহম্মদৰ মুৰব্বী মাছুদ আজাহাৰৰ ওপৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত বৈঠকত মিলিত হব বুলি প্ৰকাশ কৰে ।

ভাৰতৰ বিভিন্ন প্ৰান্তত জেইছ ই-মহম্মদে ভয়াবহ আক্ৰমণৰ ঘটনাৰ সংঘটিত কৰাৰ লগতে শেহতীয়াকৈ ১৪ ফেব্ৰুৱাৰীত পুলোৱামাত সেনা জোৱানৰ গাড়ীত সংঘটিত আক্ৰমণৰ পাছত জেইছ ই-মহম্মদে আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল । পুলোৱামা আক্ৰমণত ৪০ জনকৈ সেনা জোৱান শ্বহীদ হৈছিল ।

পুলোৱামা আক্ৰমণৰ পাছতে ৰাষ্ট্ৰসংঘ সুৰক্ষা পৰিষদৰ ৩ স্থায়ী সদস্য আমেৰিকা যুক্তৰাষ্ট্ৰ, বৃটেইন, আৰু ফ্ৰান্সে জেইছ ই-মহম্মদৰ মুৰব্বী মাছুদ আজাহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিবলৈ প্ৰস্তাৱ দিছিল ।

পাকিস্তানৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা জেইছ ই-মহম্মদৰ মুৰব্বী মাছুদ আজাহাৰে ভাৰত- পাক সীমান্তত এক অশান্ত জৰ্জৰ পৰিবেশৰ সৃষ্টি কৰি আহিছে । আমেৰিকা, বৃটেইন আৰু ফ্ৰান্সে ইতিমধ্যে মাছুদ আজাহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ বুলি ঘোষণা কৰি বলৈ সমৰ্থন আগবঢ়াইছে। চীনকো সন্ত্ৰাসবাদৰ বিৰুদ্ধে থিয় হবলৈ আহ্বান জনাইছে ৩ ৰাষ্ট্ৰীয়ে ।

আমেৰিকাৰ প্ৰশাসনে আজি ৰাষ্ট্ৰসংঘ সুৰক্ষা পৰিষদত আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ বুলি ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছিল ।

জেইছ ই-মহম্মদৰ মুৰব্বী মাছুদ আজাহাৰ , আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ যি সমুহ মাপকাঠি আছে তাৰ ভিতৰত অন্তভূক্ত হৈছে বুলি ষ্টেট ডিপাৰ্টমেন্টৰ মুখপাত্ৰ ৰবাৰ্ট পালাদিন' য়ে প্ৰকাশ কৰিছে ।

কেইবাটাও বৰ্বৰ আক্ৰমণ ঘটনা সংঘটিত কৰা জেইছ ই-মহম্মদ বৰ্তমান বিশ্ব শান্তিৰ বাবে ভাবুকিৰ সৃষ্টি কৰিছে ।আমেৰিকা আৰু ভাৰতে যুতিয়া ভাবে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত অবতীৰ্ণ হৈছে। ৰাষ্ট্ৰসংঘৰ মজিয়াত এই প্ৰস্তাৱ উত্থাপন কৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনে বিশ্ব শান্তি আৰু ভাৰাসাম্য ৰক্ষাৰ বাবে পদক্ষেপ লৈছে । কিন্তু পুৰ্বেতে ভাৰতে বাৰম্বাৰ ৰাষ্ট্ৰসংঘৰ মজিয়াত মাছুদ আজাহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ বুলি ঘোষণা কৰি বলৈ প্ৰস্তাৱ আগবঢ়াইছিল ।কিন্তু চীনৰ সমৰ্থন নথকাৰ বাবে ৰাষ্ট্ৰসংঘই এই প্ৰস্তাৱ স্থগিত ৰাখে ।

Next Story
চাকৰি