Begin typing your search above and press return to search.

মাজুলীত জাতীয় সাজ পাৰেৰে শিক্ষাৰ লগতে সাংস্কৃতিক আন্দোলন

মাজুলীত জাতীয় সাজ পাৰেৰে শিক্ষাৰ লগতে সাংস্কৃতিক আন্দোলন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Oct 2018 12:51 PM GMT

এক সাংস্কৃতিক আন্দোলনৰ পটভূমি। আধুনিক চিন্তাধাৰাক আগুৱাই নি আগবঢ়াই নিছে এখনি সাংস্কৃতিক আন্দোলন। অসমীয়া জাতীয় সাজপাৰ পিন্ধি বিদ্যালয়লৈ আহিছে শিক্ষক আৰু ছাত্ৰ ছাত্ৰী। এইখন অসমৰ এখন চৰকাৰী বিদ্যালয়ৰে এই ব্যতিক্ৰমী পদক্ষেপ। মাজুলীৰ আউনিআতি উচ্চ মাধ্যমিক বিদ্যালয়ে গঢ়িছে এই সাংস্কৃতিক আন্দোলন।পাঠদান গ্ৰহণ কৰিবলৈ শিক্ষক ছাত্ৰ সকলোৱে আহিছে ধূতি - কুৰ্তা আৰু ডিঙিত গামোছালৈ।

মাজুলীৰ কমলাবাৰীৰ পৰা প্ৰায় ৬ কিলোমিটাৰ পশ্চিমলৈ আউনিআতি সত্ৰৰ সমীপতে অৱস্থিত বিদ্যালয়ৰ পৰিৱেশে মন মোহিহে বহু দেশী বিদেশী পৰ্যটকৰ । বিদ্যালয় খনৰ পৰিৱেশ, শৈক্ষিক ব্যৱস্থা, শিক্ষক- ছাত্ৰ সমাজৰ একক বৈশিষ্ট্যৰ সাজপাৰে মাজুলী লৈ অহা দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে।

এই ব্যতিক্ৰমী বিদ্যালয়তেই পাঠদান কৰিলে জাৰ্মানীৰ পৰ্যটক এগৰাকীয়ে আৰু সত্ৰাধিকাৰ ড৹ পিতাম্বৰ দেৱ গোস্বামীয়ে । জাৰ্মানীৰ পৰ্যটক গৰাকীয়ে পাঠদান কৰাৰ লগতে বিহু গীতৰ মাজত বিলীন হৈ ককাল ভাঙি নাচিলে ছাত্ৰ ছাত্ৰীৰ সৈতে। মাজুলীৰ পৰিৱেশক ভূ-স্বৰ্গৰ লগত তুলনা কৰে পৰ্যটক গৰাকীয়ে । যি সময়ত জাতীয় সাজ পিন্ধিবলৈ লাজ কৰে অসমৰে এচামে ,সেইসময়তেই এনে ব্যতিক্ৰমী প্ৰচেষ্টাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে শিক্ষাৰ লগতে আগুৱাই নিয়া এই সাংস্কৃতিক আন্দোলনক ।

Next Story
চাকৰি