মাজুলীৰ সোনোৱাল কছাৰী গোপাল চাপৰিত অঘটন। ১৯ টাকৈ গৰুৰ অস্বাভাৱিক মৃত্যু। গো পালকৰ মাজত হাহাকাৰ। যোৱা দুটা দিনত গোপাল চাপৰি ৪০ জন গো পালকৰ ২০ খনে খুটিত পশুধনৰ মৃত্যুৰ কিৰিলি শুনিব'লৈ পোৱা গৈছে। চাপৰিটোৰ হাবি বা খেৰনিৰ মাজত অত তত পৰি ৰৈছে এই সকল পশুপালকৰ আচলৰ ধন। বহুতো গৰু এতিয়াও সন্ধান ওলোৱা নাই। জানিব পৰা নাই কিহৰ বাবে মৃত্যু হৈছে গৰুবোৰৰ। গুৱালৰ সন্দেহ কোনোবাই বিহ দি হত্যা কৰিছে এই সমুহ পশুধনক। ইফালে নতুনবজাৰ আৰক্ষীয়ে অনুসন্ধান চলাই আছে যদিও এতিলৈ কোনো তথ্য পোহৰলৈ অহা নাই। গৰুবোৰ মৰাৰ লগে লগে নীলা হৈ পৰে, গেলি আহে আৰু কোনো চৰাইয়ে নোখোৱাক লৈ পশুপালক সকলৰ সন্দেহ কোনো অসত লোকে কৃষি পথাৰত বিহ দি নিধন কৰিছে পশুধন সমুহ।এতিয়া গোপাল চাপৰিৰ চাৰিওফালে কেৱল মৰা গৰুৰ মৃতদেহ।
Begin typing your search above and press return to search.