Begin typing your search above and press return to search.

মাজুলীত সৰ্বানন্দ সোনোৱালৰ ছাত্ৰ ছাত্ৰীসকললৈ উপহাৰ

মাজুলীত সৰ্বানন্দ সোনোৱালৰ ছাত্ৰ ছাত্ৰীসকললৈ উপহাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 March 2019 5:55 AM GMT

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে (Sarbananda Sonowal) বৃহস্পতিবাৰে মাজুলীত কমলাবাৰীত মাজুলী মিলন সংঘই আয়োজন কৰা অনুষ্ঠানত মেধাৱী ছাত্ৰসকলক অৰ্থাৎ ২০১৮ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ মাৰ্ক লাভ কৰা সকলক আনন্দৰাম বৰুৱা পুৰস্কাৰ বিতৰণ কৰে ৷ জিলাখনৰ প্ৰায় ১৯০ গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীসকলক লেপটপ,ৱাইফাই, ডিভাইচৰ লগত চিম কাৰ্ড দিয়াৰ উপৰিও একাদশ,দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলক ডিজিটেল একাডেমী সামগ্ৰীৰ লগত অনলাইন শিক্ষাৰ কাৰণে শ্ৰেণী কোঠা স্থাপনৰ ব্যৱস্থাৰ কথা উল্লেখ কৰে ৷

ইফালে একাদশ দ্বাদশ শ্ৰেণীৰ বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰী সকলে প্ৰতিযোগীতামূলক পৰীক্ষাত উত্তীৰ্ণ হ’বৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ আদিৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰী সোনোৱালে ৷ অনুষ্ঠানটোত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে উন্নত মানদণ্ডৰ জীৱন যাপন কৰাৰ কাৰণে শিক্ষাৰ মহত্ত্বৰ প্ৰসংগৰ কথা উল্লেখ কৰে ৷ লগতে ছাত্ৰ ছাত্ৰীসকলে নিজৰ লক্ষ্যত উপনীত হ’বলৈ তথা সফলতা পাবৰ কাৰণে প্ৰেৰণা দিয়ে মুখ্যমন্ত্ৰী সোনোৱালে ৷ ইয়াৰ লগতে ছাত্ৰ ছাত্ৰসকলৰ নৈতিক আৰু আধ্যাত্মিক মূল্যবোধ বিকাশৰ কাৰণে অভিভাৱক আৰু শিক্ষক সকলকো আহ্বান কৰে ৷ ৰাজ্যখনৰ বিকাশৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক প্ৰযুক্তিবিদ্যা আৰু অন্যান্য ক্ষেত্ৰত আগবাঢ়ি যাবৰ কাৰণে বিভিন্ন পদক্ষেপ হাতত লৈছে ৷

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে প্ৰথমতেই ছয়খন মেডিকেল কলেজ,নখন ইঞ্জিনিয়াৰিং কলেজ,৩০ খন পলিটেকনিক কলেজ,২৪০ খন স্কিল ডেভেলপমেন্ট চেন্টাৰ স্থাপন কৰা হৈছে ৷ ইয়াৰোপৰিও চিংগাপুৰৰ লগত এখন স্কিল ডেভেলপমেন্ট বিশ্ববিদ্যালয়,মাজুলীত সাংস্কৃতিক বিশ্ব বিদ্যালয়,স্থাপন হ’ব ৷ অনুষ্ঠানটিত তিংখোংৰ বিধায়ক বিমল বৰাইয়ো ভাষণ প্ৰদান কৰে ৷ অনুষ্ঠানটিত ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাৰ নিৰ্দেশক জীভীএন সুব্ৰমণিয়াম,মাজুলীৰ ডিচি দেৱ প্ৰসাদ মিশ্ৰা,বিদ্যালয় পৰিদৰ্শক ড° শুভলক্ষ্মী ৰাজকুমাৰী,মাজুলী কলেজৰ অধ্যক্ষ ড° দেৱজিৎ শইকীয়াৰ লগতে বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি