Begin typing your search above and press return to search.

মাদক দ্ৰব্য আৰু জুৱাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্য্যসুচী ৰূপায়ন

মাদক দ্ৰব্য আৰু জুৱাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্য্যসুচী ৰূপায়ন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Aug 2018 1:27 PM GMT

মাদক দ্ৰব্য আৰু জুৱা খেল সমাজৰ বাবে এক ব্যাধিৰ দৰে ।মাদ্ৰক দ্ৰব্য সেৱন কৰা আৰু জুৱা খেলাজনে নিজৰ লগতে নিজ পৰিয়ালৰো ক্ষতি সাধন কচুজান বাগানত মাদক দ্ৰব্য আৰু জুৱাখেলৰ বিৰুদ্ধে এক অভিনৱ প্ৰতিবাদ দেখা যায় ।বুধবাৰে সন্ধিয়া তিনিচুকীয়াকচুজান বাগানৰ বয়োজ্যেষ্ঠ লোকসকলৰ নেতৃত্বত কণ কণ শিশুসকলে হাতে হাতে মাদক দ্ৰব্য সেৱন আৰুৰে ।সেয়ে ইয়াৰ বিৰুদ্ধে সময়ে সময়ে বিভিন্ন দল সংগঠন তথা মহিলা সকলে প্ৰতিবাদ কৰা পৰিলক্ষিত হয় জুৱা খেলৰ বিৰুদ্ধে বেনাৰ পোষ্টাৰ লৈ এক প্ৰতিবাদী সমদল বাহিৰ কৰে ।উক্ত প্ৰতিবাদী সমদল কচুজান বাগানৰ লাইনৰ পৰা ওলাই বাগানে বাগানে কচুজান খেলপথাৰলৈকে আহে ।খেলপথাৰত স্থানীয় ৰাইজ সকলে কণ কণ শিশুসকলৰ লগত এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে | প্ৰতিবাদত অংশগ্ৰহণ কৰা কণ কণ শিশুসকলে মাদক দ্ৰব্য আৰু জুৱা খেলৰ বিৰুদ্ধে উত্তাল শ্লোগানেৰে সমস্ত কচুজান বাগান কপাঁই তোলে ।এই শিশুসকলৰ দাবী যে সিহঁতৰ বাগানত মাদক দ্ৰব্য বিক্ৰী আৰু জুৱা খেল বন্ধ হব লাগে যাতে মদ- ভাং খাই সিহঁতৰ অভিভাৱক সকলৰ অকাল মৃত্যু নহয় ।উল্লেখনীয় যে কচুজান বাগান অঞ্চলত দেশীয় সুৰা, হাঁড়িয়া, ভাং, জুৱাৰ ব্যৱসায় ৰমৰমীয়াকৈ চলাই আছে উক্ত অঞ্চলৰে কেইজনমান লোকে ।ইয়াৰ ফলত এই অঞ্চলৰ বহু চাহ শ্ৰমিকে অকালতে মৃত্যুবৰণ কৰিব লগা হৈছে | কিন্তু এই ক্ষেত্রত আজিপৰ্য্যন্ত বাগান কৰ্তৃপক্ষ অথবা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ।সেয়েহে বাধ্যত পৰি কণ কণ শিশুসকলে প্ৰতিবাদ কৰিবলগীয়া হয় ।এই সন্দৰ্ভত প্ৰতিবাদত সহযোগ কৰা আটছাৰ তিনিচুকীয়া জিলা সমিতিৰ শিক্ষা সম্পাদক অৰ্জুন সোনায়ে সংবাদ মাধ্যমক জনালে এনেদৰে ।

Next Story