মাধুৰী দীক্ষিতৰ লগত নৃত্য কৰিবলৈ নোপোৱাত দুখ প্ৰকাশ বলীউডৰ এগৰাকী অভিনেত্ৰীৰ

মাধুৰী দীক্ষিতৰ লগত নৃত্য কৰিবলৈ  নোপোৱাত দুখ প্ৰকাশ বলীউডৰ এগৰাকী অভিনেত্ৰীৰ
Published on

সম্প্ৰতি বলীউডৰ কলংক ছবিখন চৰ্চাৰ শীৰ্ষত। কলংক ছবিখনৰ প্ৰমোশ্যনত ব্যস্ত হৈ পৰিছে ছবিখনৰ কলা কুশলীসকল ৷ তাৰ মাজতে অভিনেত্ৰী সোনাক্ষী সিন্হাই কয় যে বলীউডৰ ধক ধক গাৰ্ল মাধুৰী দীক্ষিতৰ লগতে নৃত্য কৰাৰ সুবিধাৰ পৰা বঞ্চিত হয়। লগতে সোনাক্ষীয়ে কয় যে কলংকত অভিনয় কৰা চৰিত্ৰটোত এনেদৰে সোমাই গৈছিল যে মাধুৰী দীক্ষিতৰ নৃত্য কৰা সুবিধাৰ পৰা বঞ্চিত হয়।

ইফালে ঘৰ মোহে পৰদেশীয়া গীতটিত নৃত্য কৰি আলিয়া ভাট্টে কয় যে গীতটিত দৃশ্যগ্ৰহণ কৰোঁতে মাধুৰী দীক্ষিতে হাঁহি মুখে কৰা সমৰ্থনে সকলো পাহৰাই পেলাইছিলো ৷ আৰু নতুন উদ্যমেৰে মই সেই গীতটিত অভিনয় তথা নৃত্য কৰিছিলো ।

কলংক ছবিৰ টিজাৰ মুকলি কৰাৰ প্ৰাকমুহুৰ্তত ছবি খনৰ নিৰ্মাতাই প’ষ্টাৰসমূহৰ জৰিয়তে এক জনসাধাৰণৰ মাজত উৎসুকতাৰ সৃষ্টি কৰিছিল। তাৰ ভিতৰত আলিয়া ভাট্ট আৰু সোনাক্ষী সিন্হা অন্যতম ৷ কলংক ছবি আলিয়া ভাট্ট অত্যন্ত সুন্দৰ দেখাইছে ৷ ৰঙা ৰঙৰ লেহেংগা পৰিধান কৰি আলিয়াই ইনষ্টাগ্ৰামত ফ’টো শ্বেয়াৰ কৰিছে ৷ ছবি খনত আলিয়াই ৰূপ নামৰ এগৰাকী যুৱতীৰ চৰিত্ৰত অভিনয় কৰিছে।

দ্বিতীয়তে ছবি খনৰ আন এটা প’ষ্টাৰত আছে সোনাক্ষী সিন্হা ৷ সোনাক্ষীয়ে সত্যা নামৰ চৰিত্ৰ অভিনয় কৰিছে “কলংক”ত ৷ছবিখনত বৰুন ধাৱনে জফৰ আৰু আদিত্য ৰয় কাপুৰে দেৱ চৌধুৰীৰ চৰিত্ৰত অভিনয় কৰিছে ৷ কলংকত সঞ্জয় দত্তকো দেখা পাব দৰ্শকে ৷ সঞ্জয় দত্তই বলৰাজ চৌধুৰীৰ চৰিত্ৰত অভিনয় কৰিছে ৷ অন্যহাতে নিৰ্দেশক অভিষেক বৰ্মনৰ কলংক ছবিখন মুক্তি লাভ কৰিব চলিত বৰ্ষৰ এপ্ৰিল মাহত ৷ সোনাক্ষী সিন্হাই কলংকত অভিনয় কৰা সত্যা চৰিত্ৰটোৰ সম্পৰ্কত লিখে যে প্ৰেম,অখণ্ডতা আৰু ত্যাগ মানেই সত্যা ৷

ইয়াৰ পিছতে মুক্তি পালে কলংকৰ টিজাৰ ৷চলচ্চিত্ৰ প্ৰেমীৰ মাজলৈ কলংকৰ টিজাৰ অহাৰ লগে লগে প্ৰতি মুহুৰ্ততে বাঢ়িছে অনুৰাগীৰ উৎসুকতা ৷ সঞ্জয় লীলা ভাঞ্চালীৰ সপোনৰ এটি অংশ হিছাপে কলংকৰ টিজাৰ ।কলংকৰ টিজাৰটো উৎসকতাৰে ভৰা ৷ টিজাৰটোৰ অনুসৰি ছবিখনৰ অভিনেত্ৰী আলিয়া ভাট্টে স্পষ্ট ৰূপত বৰুন ধাৱনত প্ৰেমিকা। কিন্তু বিয়া হয় আদিত্য ৰয় কাপুৰৰ লগত ৷ ইফালে বিয়াৰ মণ্ডপত বহি আলিয়াই নিৰৱে চকুলো টোকা দেখা গৈছে । লগতে মাধুৰী দিক্ষীত,সঞ্জয় দত্ত আৰু সোনাক্ষী সিন্হা সকলোকে চিন্তিত দেখা গৈছে কলংকৰ টিজাৰটোত ।

কলংক ছবিৰ প্ৰথম তিনিটি সংগীত মুক্তি পোৱাৰ পিছত এইবাৰ মুক্তি পালে তবাহ হো গয়া গীতটি। ইতিমধ্যে তবাহ হো গয়া গীতটিয়ে চলচ্চিত্ৰ প্ৰেমীক মন্ত্ৰমুগ্ধ কৰিছিল। ইফালে চলচ্চিত্ৰ প্ৰেমীসকলৰ মন্তব্য কৰা অনুসৰি তবাহ হো গয়া গীতটিয়ে অনুভৱ দিয়ে দেবদাস ছবিখনৰ মাৰ ডালা গীতটিৰ।

কাৰণ দেৱদাস ছবিখনত বলীউডৰ ধক ধক গাৰ্ল মাধুৰী দীক্ষিতৰ কথকৰ যি লয় লাস সেয়া হয়তো ছবিখনৰ ছোৱা দৰ্শকসকলে পাহৰিব পৰা নাই। আৰু তবাহ হো গয়া গীতটিতো মাধুৰীৰ কথক নৃত্যৰ যাদু দেখিবলৈ পোৱা যাব ৷ গীতটিত কণ্ঠদান কৰিছে প্ৰসিদ্ধ গায়িকা শ্ৰেয়া ঘোষালে। সংগীত প্ৰীতমৰ।

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com