
দ:শালমাৰা মানকাচৰ জিলাৰ কালাপানী অঞ্চলৰ চোমৰাশালীত আজি এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয় । মৃত যুৱকজনৰ ডিঙি কাটি হাত ভৰি বান্ধি পথাৰত পেলাই থৈ যোৱাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে । যুৱকজন তেলডালাৰ নিবাসী ছোৰহাব আলীৰ পুত্ৰ ৰফিক ইছলাম বুলি জানিব পৰা গৈছে । মৃত যুৱক জনে তেওঁৰ বন্ধু ৰবিয়াল হকৰ লগত যোৱাকালি বাঘাপাৰাত পূজা চাবলৈ গৈছিল ।জানিব পৰা মতে পূজাৰ দিনা সন্ধিয়া সময়ত দোয়োজনকে চোমৰাশালীৰ ছেৰী কালচাৰ অফিচত বহি থকা প্ৰত্যক্ষ কৰিছিল । এতিয়ালৈকে আৰক্ষীয়ে কোনো ব্যক্তিক আটক কৰিব পৰা নাই ।