মানকাচৰত "শক্তি" কংগ্ৰেছ কৰ্মীৰ কন্ঠস্বৰৰ শুভাৰম্ভ

মানকাচৰত "শক্তি" কংগ্ৰেছ কৰ্মীৰ কন্ঠস্বৰৰ শুভাৰম্ভ
Published on: 

দক্ষিন শালমাৰা মানকাচৰ জিলা যুৱ কংগ্ৰেছ কমিটি আৰু মানকাচৰ বিধানসভাৰ যুৱ কংগ্ৰেছ কমিটীৰ যৌথ উদ্যোগত "শক্তি"কংগ্ৰেছ কৰ্মীৰ কন্ঠস্বৰ ৰ শুভাৰম্ভ কৰা হয় । উক্ত "শক্তি" ৰ শুভাৰম্ভনি সভাত উপস্থিত থাকে অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক নুৰ সপিকুল ওৱাজিদ ,দঃশালমাৰা মানকাচৰ জিলা NSUI ৰ সভাপতি ৰিয়াজুল ইছলাম মণ্ডল, "শক্তি"ৰ তত্বাৱধায়ক ইনামুল আহমেদ ,মানকাচৰ সমষ্টিৰ মাননীয় বিধায়ক তথা দক্ষিণ শালমাৰা মানকাচৰ জিলা কংগ্ৰেছ ৰ সভাপতি ডাঃমতিউৰ ৰহমান মণ্ডল চাহাব,মানকাচৰ সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি সাজিবুল হাচান মোল্ল্যা আৰু কংগ্ৰেছ দলৰ বিভিন্ন পৰ্য্যায়ৰ কৰ্মীবৃন্দ সকল । নুৰ সপিকুল ওৱাজিদ ডাঙৰীয়াই কংগ্ৰেছ দলৰ সাধাৰণ কৰ্মীক অৱগত কৰায় যে "শক্তি" য়ে কংগ্ৰেছ দলক বহুত শক্তিশালী কৰি তুলিব লগতে জানিবলৈ দিয়ে "শক্তি" য়ে শীৰ্ষ কৰ্মীৰ লগত তৃণমূল পৰ্য্যায়ৰ কৰ্মীৰ এক সু সম্পুৰ্ক গঢ়ি তুলিব । মানকাচৰৰ বিধায়ক ডাঃমতিউৰ ৰহমান মণ্ডল চাহাবে কংগ্ৰেছ কৰ্মীৰ লগত বহুত গুৰুত্বপূৰ্ণ আলোচনা কৰে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com