Begin typing your search above and press return to search.

ভাৰতৰ ভিতৰত মানুহ সৰবৰাহৰ ঘটনা সবাতোকৈ উত্তৰ পূৰ্বাঞ্চলতে অধিক

ভাৰতৰ ভিতৰত মানুহ সৰবৰাহৰ ঘটনা সবাতোকৈ উত্তৰ পূৰ্বাঞ্চলতে অধিক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 March 2019 7:50 AM GMT

ভাৰতৰ ভিতৰতে মানুহ সৰবৰাহৰ ঘটনা সবাতোকৈ অধিক হয় উত্তৰ পূৰ্বাঞ্চলত। এই তথ্য প্ৰকাশ কৰিছে প্ৰসিদ্ধ লেখিকা জুৰী বৰা বৰগোহাঞিয়ে। মানুহ সৰবৰাহ কৰা হয় প্ৰধানকৈ মানৱ দেহৰ অংগৰ ব্যৱসায়ৰ লগতে মহিলা আৰু যুৱতী সকলক বিশেষকৈ সংস্থাপন দিয়াৰ প্ৰলোভনৰে সৰবৰাহ, উচ্চ মানদণ্ডৰ জীৱন নিৰ্বাহৰ লগতে দেহ ব্যৱসায়ৰ বাবে অধিক নাৰীক সৰবৰাহ কৰা হয় । শুকুৰবাৰে নাৰী দিৱসৰ উপলক্ষ্যে তিনিচুকীয়া কলেজত " Women trafficking in north east ' শীৰ্ষক এক আলোচনাত এই কথা প্ৰকাশ কৰে লেখিকা জুৰী বৰা বৰগোহাঞিয়ে ।

উইমেনচ ষ্টাডিজ আৰু ডেভেলপমেন্ট আৰু IQAC বিভাগে আয়োজন কৰা এই অনুষ্ঠানত শতাধিক ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক আৰু অতিথিও উপস্থিত থাকে । জুৰী বৰা বৰগোহাঞিয়ে প্ৰকাশ কৰে যে নতুন সাম্ৰাজ্যবাদে উত্তৰ পূৰ্বাঞ্চলৰ মানৱ সৰবৰাহৰ বৃদ্ধি হোৱাৰ অন্যতম কাৰণ । উত্তৰ পূৰ্বাঞ্চলৰ মানুহবোৰ সহজ সৰল হোৱাৰ বাবে অতি সহজে সৰবৰাহ কৰিবলৈ সুবিধা পায় বুলি উল্লেখ কৰে। সেয়েহে বিষেশকৈ ছোৱালী সকলক সহজে কাকো বিশ্বাস নকৰিবলৈ আহ্বান জনাইছে ।

এই অনুষ্ঠানতো এনে ঘটনাৰ সাক্ষী হোৱা ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ লগত আলোচনা হয়। ডঃ ৰুবী বৰুৱা আৰু ৰাশ্মিতা বৰকটকীয়ে অনুষ্ঠানটোৰ আগ ধৰিছিল আৰু ডঃ পল্লাবী গগৈয়ে জুৰী বৰা বৰগোহাঞিৰ আত্মজীৱনী পাঠ কৰে ।

Next Story
চাকৰি