Begin typing your search above and press return to search.

মুকাভিনয়ৰে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস মিছন চেভ দীপৰ বিল

মুকাভিনয়ৰে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস মিছন চেভ দীপৰ বিল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Jan 2019 1:51 PM GMT

দীপৰ বিলৰ পাৰত সৃষ্টি হ'ল সজাগতা অভিজানৰ নতুন ধৰণ। দেওবাৰে, গুৱাহাটীৰ কিছুসংখ্যক উদীয়মান যুৱক যুৱতীয়ে ৰাষ্ট্রীয় জলপানি বঁটা প্ৰাপক মিনাংক ডেকাৰ নেতৃত্বত বনভোজ-সৃষ্ট আৱৰ্জনাজনিত পৰিৱেশৰ পৰা হোৱা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি সজাগতা অভিযান ৰূপে মূকাভিনয়ৰ পোছাকত দীপৰ বিলৰ পাৰত এক সজাগতা অভিযান চলায়।

Mission Save Deepor Beel নামেৰে নামাকৰণ কৰা উক্ত সজাগতা সৃষ্টিৰ অনুষ্ঠানটোৰ জৰিয়তে বিলখনৰ পাৰলৈ বনভোজ খাবলৈ অহা প্ৰতিটো দল তথা প্ৰতিজন ব্যক্তিৰ কাষলৈ গৈ ধেমালিৰ চলেৰে বিলখনৰ চৌপাশ তথা বনভোজস্থলী পৰিষ্কাৰ কৰি ৰাখিবলৈ যুৱক যুৱতীৰ দলটোৱে আহ্বান জনায়।দলটোৰ এই ধৰণৰ ব্যতিক্ৰমী প্ৰচাৰে সকলোকে অলপ সময়ৰ বাবে পৰিবেশ সজাগতাৰ কথা ভাবিবলৈ বাধ্য কৰাই।

মুকাভিনয় শিল্পী মিনাংক ডেকাৰ নেতৃত্বত যোৱা দলটোৰ আন আন সদস্যসকল আছিল- ভাৱনা, হিমাদ্ৰী, ৰেকিবুল আৰু তনিক্সাই। দীপৰ বিলৰ লগতে পৰিভ্ৰমী পক্ষীজাকৰ প্ৰতিকূলতাবোৰ অনুকূল কৰাৰ বাবে তেওঁলোকৰ এই প্ৰয়াস বুলি জানিবলৈ দিয়ে।

তেওঁলোকৰ এই প্ৰয়াসক উপস্থিত ৰাইজে সলাগ লোৱাৰ লগতে এই পদক্ষেপক আদৰণি জনাই।

উল্লেখ্য যে, মিনাংক ডেকাই পূৰ্বেও দীপৰ বিলৰ পাৰত 'নিৰ্বাক যাত্ৰা' নামেৰে এক অভিযানৰ জৰিয়তে "চৰাইজাক নহা হ'ল" শীৰ্ষক এক মুকাভিনয় নাট প্ৰদৰ্শন কৰিছিল ।

অধিক খবৰৰ বাবে পঢ়ক ৰাজ্যিক বাতৰি

Next Story
চাকৰি