Begin typing your search above and press return to search.

মিজোৰামৰ প্ৰাৰ্থীৰ সম্পত্তিৰ পৰিমাণ বিশ্লেষণ: পাচ বছৰত বৃদ্ধি পালে ৮০০ শতাংশ সম্পত্তিৰ পৰিমাণ

মিজোৰামৰ প্ৰাৰ্থীৰ সম্পত্তিৰ পৰিমাণ বিশ্লেষণ: পাচ বছৰত বৃদ্ধি পালে ৮০০   শতাংশ সম্পত্তিৰ পৰিমাণ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Nov 2018 1:10 PM GMT

মিজোৰাম বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাত প্ৰাৰ্থী সকলে মনোনয়ন পত্ৰত ঘোষনা কৰা সম্পত্তিৰ পৰিমাণে সকলোকে আচৰিত কৰি তুলিছে।এটা সামাজিক গোষ্ঠিয়ে দাখিল কৰা তথ্যৰ ভিত্তিত এমাহ আগতে কংগ্ৰেছ এৰি মিজো নেচেনেল ফ্ৰণ্টত যোগদান কৰা লাল ৰিনলিন চাইলোৰ মনোনয়ন পত্ৰত উল্লেখ কৰা অনুসৰি পাচ বছৰত চাইলোৰ সম্পত্তিৰ পৰিমাণ ৭৯৭ শতাংশ বৃদ্ধি পাইছে। গণতান্ত্ৰিক সংস্কাৰ সংস্থা আৰু এম ই ডব্লিউ নামৰ দুটা সামাজিক সংস্থাই মনোনয়ন পত্ৰ মূল্যাকংন কৰি কয় যে চাইলোৱে মনোনয়ন পত্ৰত তেওঁৰ সম্পত্তিৰ পৰিমাণ ৩২২৮৫১০০ টকা বুলি উল্লেখ কৰিছে, আনহাতে ২০১৩ চনত চাইলোৰ সম্পত্তিৰ পৰিমাণ আছিল ৩৬০১২১৯ টকা।স্বাস্থ্য মন্ত্ৰী চাইলোৱে অক্টোৱৰৰ ৩ তাৰিখে বিধান সভাৰ পৰা পদত্যাগ কৰিছিল,কংগ্ৰেছ কমিটিৰ সদস্য পদ,মিজোৰাম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক পদৰ পৰাওঁ পদত্যাগ কৰিছিল চাইলোৱে।৪০ জনীয়া আসন যুক্ত মিজোৰাম বিধান সভাত এইবাৰ ২০১৩ চনত প্ৰতিদন্দ্বিতা কৰা ৩২ জন প্ৰাৰ্থীয়ে প্ৰতিদন্দ্বিতা আগবঢ়াব। এই সকল প্ৰাৰ্থীৰ সম্পত্তিৰ পৰিমাণ ২০১৩ চনৰ পাছত পাচ বছৰত ১১.৫৬ শতাংশ হাৰত বৃদ্ধি হৈছে।প্ৰাপ্ত তথ্যৰ পৰা মিজোৰামৰ মূখ্যমন্ত্ৰী লাল থানহাওলাৰ মুঠ সম্পত্তিৰ পৰিমাণ ৩৩.২৯ শতাংশ বৃদ্ধি হৈ ১২২০১৯৭৪৭ টকাৰ পৰা ৯১৫৪৫৯৮০ টকা হৈছে।কংগ্ৰেছ প্ৰাৰ্থী লাল থানজাৰাৰ সম্পত্তিৰ পৰিমাণ বৃদ্ধি পাইছে ১০৩.৭৯ শতাংশ। সংস্থাটোৱে চাৰি জন প্ৰাৰ্থীৰ সম্পত্তিৰ পৰিমাণ হ্ৰাস হোৱা বুলিও তথ্য দাঙি ধৰিছে।কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা মিজোৰাম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ হিফেৰ সম্পত্তিৰ পৰিমাণ ৫২.৩২ শতাংশ হ্ৰাস পাইছে।এইবাৰ মিজোৰাম বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু এম এন এফে ৪০ টা চিটত প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ বিপৰীতে বিজেপিয়ে ৩৯ টা চিটত প্ৰাৰ্থীত্ব আগবঢ়াইছে।

অধিক খবৰৰ বাবে পঢ়ক:

Next Story
চাকৰি