মিষ্টাৰ জোন্সৰ হাতত হাত থৈ মুম্বাইৰ অভিমুখে মিছেছ জোন্স

সদ্য বিবাহিত দম্পতী প্ৰিয়াংকা চোপ্ৰা আৰু নিক জোন্স যোধপুৰৰ উমেদ ভৱনৰ পৰা সোমবাৰে মুম্বাই অভিমুখে ৰাওনা হ’ল৷নৱ বিবাহিতা প্ৰিয়াংকাক সেউজীয়া শাড়ী,শিৰত সেন্দুৰ, মংগলসূত্ৰৰ সৈতে অতি সুন্দৰ দেখাইছিল ৷ বিমানবন্দৰত প্ৰিয়াংকা আৰু নিকে অনুৰাগীসকলক নমস্কাৰ কৰি সম্ভাষণ জনাই ।
লগতে প্ৰিয়াংকাই মন্তব্য কৰে যে,যোধপুৰৰ পৰা নিক আৰু প্ৰিয়াংকাৰ জীৱনৰ নতুন জীৱন আৰম্ভ হৈছে ৷গতিকে প্ৰিয়াংকা বহুত সুখী ৷ প্ৰিয়াংকাৰ মাতৃ মধু চোপ্ৰাই যোধপুৰক ধন্যবাদ জনাই ৷উল্লেখ্য যে, প্ৰিয়াংকা নিকৰ বিয়াখন হৈছিল যোধপুৰত ৷ জোধপুৰস্থিত উমেদ ভৱন পেলেচত ২ ডিচেম্বৰত অনুস্থিত হৈছিল বলীউডৰ বহু প্ৰত্যাশিত লগা বিয়াখন ৷ ইফালে প্ৰিয়াংকা নিকৰ ২ডিচেম্বৰত হোৱা লগা বিয়াখনৰ কাৰ্যসূচী ৩০ নৱেম্বৰৰ পৰাই আৰম্ভ হৈছিল ৷
১ নৱেম্বৰত মেহেন্দী আৰু সংগীতৰ বিপৰীতে ২ নৱেম্বৰত নিক আৰু প্ৰিয়াংকাৰ বিয়া হয়৷ উল্লেখ্য যে,প্ৰিয়ংকা নিকৰ বিয়াৰ আয়োজন কৰা ঐতিহাসিক ভৱনটোত বিজনেছ টাইকুন অৰুণ নায়ৰে হলীউডৰ মডেল তথা অভিনেত্ৰী এলিজাবেথ হৰ্লে লগত বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰিছিল ৷ ইয়াৰ পিছতে হয় প্ৰিয়াংকা আৰু নিক জোন্সৰ বিয়া ৷
য’ত উপস্থিত আছিল হলীউডৰ লগতে বলীউডৰ বহু অভিনেতা অভিনেত্ৰী ৷ উল্লেখ্য যে,হলীউড তথা বলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰাৰ প্ৰেম তথা বিয়াকলৈ চৰ্চাৰ যেন অন্ত নপৰিব অনুৰাগীসকলৰ মাজত। প্ৰায়ে প্ৰিয়ংকাৰ প্ৰেম,ষ্টাইল,গ্লেমাৰ আদি সকলোবোৰ চৰ্চা শীৰ্ষত থাকে ৷
প্ৰিয়ংকাতকৈ ১০ বছৰ সৰু হলীউডৰ গায়ক নিক জোন্সৰ লগত হোৱা প্ৰেম সম্পৰ্কত বাৰুকৈয়ে সমালোচনাৰ সন্মুখীন হৈছিল প্ৰিয়াংকা ৷ অন্যহাতে বলীউডৰ লগতে হলীউডৰ ছবিতো নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে প্ৰিয়াংকা চোপ্ৰা ৷ সৰু পৰ্দাৰ জনপ্ৰিয় চিৰিয়েল কুৱান্টিক’ ত অভিনয়েৰে প্ৰিয়াংকা চোপ্ৰাই হলীউডৰ প্ৰেমীৰ অতি চিনাকী হৈ পৰে ৷ কিন্তু সকলো সমালোচনাৰ অন্ত পেলাই ২ ডিচেম্বৰত বিবাহ পাশত আৱদ্ধ হ’ল প্ৰিয়াংকা চোপ্ৰা আৰু নিক জোন্স ৷
অধিক খবৰৰ বাবে পঢ়ক: মনোৰঞ্জন