Begin typing your search above and press return to search.

মুকলি পালে “লাভৰাত্ৰি”ৰ ট্ৰেইলাৰ

মুকলি পালে “লাভৰাত্ৰি”ৰ ট্ৰেইলাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Aug 2018 9:52 AM GMT

নতুনকৈ বলীউদত প্ৰতিষ্ঠিত হোৱা বলীউদৰ আয়োশ শৰ্মা আৰু ৱাৰিনা হুছেইনৰ নতুনকৈ আহিবলগীয়া ছবি "লাভৰাত্ৰি"ৰ ট্ৰেইলাৰ মুকলি পালে। প্ৰথমে ছবি খনত দেখোৱা অনুসৰি আয়োশ শৰ্মাই 'সুশ্ৰুত' নামৰ চৰিত্ৰটিত অভিনয় কৰিছে,যাৰ জীৱনৰ লক্ষ্য হৈছে গুজৰাটী সকলৰ গাৰৱা নৃত্যৰ প্ৰশিক্ষক হিচাপে প্ৰতিষ্ঠা হোৱা। আয়োশ তথা সুশ্ৰুতে নৱৰাত্ৰি উৎসৱৰ সময়ত লগ পাই ৱাৰিনাক,যাৰ লগত সুশ্ৰুতৰ প্ৰেম হয়। নৱৰাত্ৰি শেষ হোৱাৰ ৯দিনৰ পিছত ৱাৰিনা গুছি যায়,কিন্তু পৰৰ্ৱত্তী সময়ত সুশ্ৰুতে ৱাৰিনাক আনিবলৈ লণ্ডনলৈ যায় আৰু বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয়।

ছবি খনত সুশ্ৰুত আৰু ৱাৰিনাৰ মাজৰ সম্পৰ্ক,গাৰবা নৃত্যৰ সংগীত সুৰ আদি সমূহ অতি সুন্দৰ ৰূপত ফুটাই তুলিবলৈ যত্ন কৰিছে।ইয়াৰ উপৰিও ছবি খনত অভিনয় কৰিছে,ৰনিত ৰয় আৰু ৰাম কাপুৰ।ছবি খনৰ নিৰ্দেশক অভিৰাজ মিনাৱালা আৰু প্ৰস্তুত কৰিছে চলমান খানে।আশা কৰা হৈছে ৫অক্টোবৰত মুক্তি পাবলগীয়া ছবি খনে দৰ্শকৰ মন মুহিবলৈ সক্ষম হ'ব।

Next Story
চাকৰি