Begin typing your search above and press return to search.
মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

বিশ্ব প্ৰসিদ্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজি মুকলি হ'ল দেশ বিদেশৰ পৰ্যটকৰ বাবে। প্ৰতিটো বছৰৰ দৰেই এইবাৰো কাজিৰঙা চাবলৈ ভিৰ হব দেশৰ লগতে বিদেশৰ বহু পৰ্যটকৰ । এইবছৰৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দ্বাৰ মুকলি কৰে অসম চৰকাৰৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই । বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই আজি ৰাষ্ট্ৰীয় উদ্যান খনৰ কঁহৰা আৰু বাগৰি ৰেঞ্জ দুটি মুকলি কৰে । উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে কৃষিমন্ত্ৰী অতুল বৰা, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত,পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, ৰানোজ পেগুৰ লগতে বন বিভাগৰ বহু উচ্চ পদস্থ বিষয়া ।
Next Story