Begin typing your search above and press return to search.

মুকালমুৱাত ভয়ঙ্কৰ বাছ দুৰ্ঘটনা

মুকালমুৱাত ভয়ঙ্কৰ বাছ দুৰ্ঘটনা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Oct 2018 10:23 AM GMT

নলবাৰী জিলাৰ মুকালমুৱাৰ আদাবাৰীত সংঘটিত হৈছে এক ভয়ংকৰ বাছ দুৰ্ঘটনা ।এতিয়ালৈকে ৬ জনৰ মৃতদেহ উদ্ধাৰ হৈছে বুলি জানিব পৰা গৈছে । গুৱাহাটীৰ পৰা বৰপেটাৰ অভিমুখে গৈ থকা বাছ খন এটা দ' খাৱৈত বাগৰি পৰে । উদ্ধাৰ অভিযান অব্যাহত ।বাছ খনত প্ৰায় ৩০ জন যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। বাছ খন ইতিমধ্যে জেচিবিৰ সহায়ত উদ্ধাৰ কৰা হৈছে।অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ খনৰ নম্বৰ এএছ২০ ১৪২২ । আহত সকলক মুকালমুৱা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিছে। ঘটনাস্থলীত ইতিমধ্যে নলবাৰীৰ উপায়ুক্ত সঞ্জীৱ কুমাৰ দাস উপস্থিত হৈছে বুলি জানিব পৰা গৈছে । শোকাৱহ পথ দূৰ্ঘটনা টোক কেন্দ্ৰ কৰি চিকিৎসালয়ত এক উতপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ।

Next Story
চাকৰি