Begin typing your search above and press return to search.

মুক্তি পালে ষ্টুণ্ডেন্ট অৱ দ্য ইয়েৰ ২ ৰ ট্ৰেইলৰঃ আপুনি চালেনে?

মুক্তি পালে ষ্টুণ্ডেন্ট অৱ দ্য ইয়েৰ ২ ৰ ট্ৰেইলৰঃ আপুনি চালেনে?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 April 2019 12:45 PM GMT

মুক্তি পালে ষ্টুণ্ডেন্ট অৱ দ্য ইয়েৰ ২ ৰ ট্ৰেইল ৷ ট্ৰেইলৰটোত টাইগাৰ শ্ৰফ,অন্যন্যা পাণ্ডে আৰু তাৰা চুতাৰিয়াক অতি আকৰ্ষণীয় লাগিছে। পুনীত মালহোত্ৰাৰ ছবি ষ্টুণ্ডেন্ট অৱ দ্য ইয়েৰ ২ত টাইগাৰ শ্ৰফৰ প্ৰতিযোগিতা ৰুপী মন,প্ৰেম,সন্মান, বিদ্যালয়ৰ পুৰস্কাৰৰ কাৰণে কৰা প্ৰত্যাহ্বান আদি দেখিবলৈ পোৱা গৈছে ৷

https://www.youtube.com/watch?v=QZsthdsh6yk

ট্ৰেইলৰ লন্স কৰা অনুষ্ঠানটোত টাইগাৰ শ্ৰফ,তাৰা সুতাৰিয়া আৰু অন্যন্যা পাণ্ডেয় দৃশ্যগ্ৰহণত হোৱা নিজৰ অভিজ্ঞতা সন্দৰ্ভত ব্যক্ত কৰে ৷ইফালে বহুতই আলিয়া ভাট্ট,বৰুণ ধাৱান আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ অভিনীত ষ্টুণ্ডেন্ট অৱ দ্য ইয়েৰ ছবিখনৰ লগত ষ্টুণ্ডেন্ট অৱ দ্য ইয়েৰ ২ সাদৃশ্য কৰাৰ প্ৰসংগত টাইগাৰ শ্ৰফে কয় যে মই দুয়োখন ছবিৰ সাদৃশ্য কৰাটো নিবিচাৰোঁ ৷দুয়োখন ছবিয়েই সম্পূৰ্ণ পৃথক ছবি ৷ যদি দৰ্শকে ছবিখনৰ ট্ৰেইলৰটো প্ৰত্যক্ষ কৰে তেন্তে নিশ্চয় বুজিব পাৰিব ৷

অন্যহাতে আলিয়া ভাট্ট,বৰুণ ধাৱান আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ প্ৰথমখন ছবিৰ কথা স্মৰণ কৰি আৱেগিক হৈ পৰে কৰণ জোহৰ ৷ পুনিল মালহোত্ৰাৰ সন্দৰ্ভত কৰণ জোহৰে কয় যে মই পুনিতক সৰুৰে পৰাই জানো ৷ পুনিত ষ্টুণ্ডেন্ট অৱ দ্য ইয়েৰ ২ ৰ ৰাজহাড় ৷ পুনিত মালহোত্ৰাৰ কয় যে মই যথেষ্ট উৎসুক৷ মই প্ৰথম দৃশ্যগ্ৰহণ আৰম্ভ কৰোঁতে যথেষ্ট ভয় খাইছিলো ৷ নিজক স্কুলৰ শিক্ষক বুলিও কয় পুনিত মালহোত্ৰাৰ।

ষ্টুণ্ডেন্ট অৱ দ্য ইয়েৰ ২ ছবিখনৰ সম্প্ৰতি দুখন প’ষ্টাৰ মুকলি কৰিছে ৷ ইয়াত টাইগাৰ শ্ৰফক এখন গেটৰ বাহিৰত দেখা গৈছে। এই ছবিখনৰ জৰিয়তে অন্যন্যা পাণ্ডে আৰু তাৰা চুতাৰিয়াই বলীউডলৈ যাত্ৰা কৰিছে। কৰণ জোহৰ আৰু পুনীত মালহোত্ৰাই নিৰ্মাণ কৰা ষ্টুণ্ডেণ্ট অৱ দ্য ইয়েৰ ছবিখনৰ প্ৰথম খন প’ষ্টাৰ মুকলি হ’ল মংগলবাৰে ৷

ইফালে টাইগাৰ শ্ৰফে টুইটাৰ যোগে ষ্টুণ্ডেন্ট অৱ দ্য ইয়েৰ ছবিখনৰ প’ষ্টাৰ মুকলি কৰিছে ৷ এই প’ষ্টাৰখনত টাইগাৰ শ্ৰফক গেটৰ ভিতৰতলৈ যোৱা দেখা গৈছে। প’ষ্টাৰখন মুকলি কৰি টাইগাৰ শ্ৰফে লিখিছে আপুনি আছো নে ? ঠিক সেইদৰে তৃতীয়খন প’ষ্টাৰত টাইগাৰ শ্ৰফক সম্পূৰ্ণভাৱে দেখা গৈছে ৷ আৰু টাইগাৰে লিখিছে বেক টু কলেজ। ইয়াৰ পূৰ্বেই ছবিখনৰ প’ষ্টাৰ মুকলি কৰি মংগলবাৰে টাইগাৰ শ্ৰফে লিখিছে আগবাঢ়ক আৰু প্ৰত্যাহ্বান গ্ৰহণ কৰক। ছবিখনৰ প্ৰথম প’ষ্টাৰ চাই অনুভৱ হৈছে যে ছবিখন খেলৰ ওপৰত আধাৰিত ৷

ইফালে ষ্টুণ্ডেন্ট অৱ দ্য ইয়েৰ হৈছে ২০১২ চনত মুক্তি লাভ কৰা ষ্টুণ্ডেন্ট অৱ দ্য ইয়েৰ ছবিৰ চিকুৱেল। ষ্টুণ্ডেন্ট অৱ দ্য ইয়েৰ ছবিখনৰ দ্বাৰা বলীউডলৈ যাত্ৰা কৰিছিল আলিয়া ভাট্ট,বৰুণ ধাৱন আৰু সিদ্ধাৰ্থ মালহোত্ৰাই। প্ৰথমখন ছবিৰো নিৰ্মাতা হৈছে কৰণ জোহৰ ৷ গতিকে দুয়োখন ছবিৰ অভিনেতা অভিনেত্ৰীসকলৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে ৷

অন্যহাতে, ষ্টুণ্ডেন্ট অৱ দ্য ইয়েৰ ২ ছবিখনক আৰু অধিক আকৰ্ষণীয় ভাৱে নিৰ্মাণ কৰিবৰ কাৰণে প্ৰথম ছবিখনৰ ৰাধা গীতটি হলীউড ষ্টাৰ বিল ষ্মিথৰ ওপৰত নিৰ্মিত। ইফালে বহু প্ৰত্যাশিত ষ্টুণ্ডেন্ট অৱ দ্য ইয়েৰ ছবিখন মুক্তি পাব ১৯ মে’ত। ছবিখনৰ টিজাৰ মুকলি হ’ল আজি অৰ্থাৎ বৃহস্পতি বাৰে। আশা কৰা হৈছে ১২ এপ্ৰিলত ছবিখনৰ ট্ৰেইলৰ মুক্তি পাব ৷ইফালে ছবি খনৰ জৰিয়তে বলীউডলৈ যাত্ৰা কৰা অন্যন্যা পাণ্ডে সম্প্ৰতি চৰ্চাত আছে ৷ কাৰণ ছবি খনত অভিনয় কৰাৰ মাজতে অন্যান্যাই Elle আলোচনীৰ কাৰণে ইটালীত ফ’টো শ্বুট কৰে। Elle ৰ বেটুপাতত অতি সুন্দৰ লাগিছে অন্যান্য পাণ্ডেক ৷

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Next Story