মুখ্যমন্ত্ৰীৰ হাতত পদত্যাগ পত্ৰ প্ৰদান কৰিলে অসম গণ পৰিষদৰ তিনিজন মন্ত্ৰীয়ে

অসম গণ পৰিষদ দলৰ তিনিজনকৈ মন্ত্ৰীয়ে বুধবাৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত পদত্যাগ পত্ৰ প্ৰদান কৰি চৰকাৰৰ পৰা পদত্যাগ কৰে। বুধবাৰে সন্ধিয়া অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, ফনীভূষণ চৌধুৰী আৰু কেশৱ মহন্তই সোণোৱালৰ হাতত পদত্যাগ পত্ৰ প্ৰদান কৰাৰ লগে লগে ১৮ জনীয়া সোনোৱাল মন্ত্ৰী সভাৰ সংখ্যা ১৫ জনলৈ হ্ৰাস পায়। বৰ্তমান সোণোৱাল চৰকাৰ খনৰ ১৫ জনীয়া মন্ত্ৰী সভাৰ ১২ জন ভাৰতীয় জনতা পাৰ্টিৰ আৰু ৩ জন বিপিএফৰ মন্ত্ৰী আছে। বৰ্তমান সোণোৱাল মন্ত্ৰী সভাৰ চাৰিটা মন্ত্ৰীত্বৰ পদ খালী হৈ আছে। পূৰ্বে মন্ত্ৰী সভা সম্প্ৰসাৰণ
কৰাৰ সময়ৰে পৰা এটা মন্ত্ৰী পদ খালী হৈ আছিল।
দিশপুৰৰ মুখ্যমন্ত্ৰীৰ কাৰ্য্যলয়ৰ পৰা পদত্যাগ পত্ৰ প্ৰদান কৰি ওলাই আহি সাংবাদিৰ আগত অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই কয় যে আমি নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰ বিৰুদ্ধে শেষ মহুৰ্তলৈ চৰকাৰৰ মজিয়াত থাকি যুদ্ধ কৰি যাম বুলি কৈছিলো, সোমবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰে সৈতে হোৱা বৈঠকত ৰাজনাথ সিঙে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ সদনত গৃহীত কৰা হবই বুলি কোৱাৰ পিছত আমি চৰকাৰৰ পৰা আতৰি অহাৰ সিদ্ধান্ত ললো আৰু মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি আমাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰি পদত্যাগৰ সিদ্ধান্ত ললো। আমি অসমৰ জনসাধাৰণৰ পক্ষত থিয় দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলো।অসম গণ পৰিষদ দলটো ৮৫৫ জন শ্বহীদৰ বিনিময়ত জন্ম লোৱা এটা দল, আমি সমগ্ৰ অসমে প্ৰতিবাদ কৰি থকাৰ সময়ত কেতিয়াও নাগৰিকত্ব সংশোধনী বিধেয়ক খন সমৰ্থন কৰিব নোৱাৰো।
২০১৬ চনৰ বিধান সভা নিৰ্বাচনত আমি বিজেপি, বিপিএফ আৰু অন্য দলৰ সৈতে মিত্ৰজোটত অংশ গ্ৰহণ কৰিছিলো কিন্তু এতিয়া ৰাজ্য আৰু ৰাজ্যৰ জনসাধাৰণৰ স্বাৰ্থত আমি মিত্ৰতা ত্যাগ কৰি ওলাই আহিছো-এইদৰে মন্তব্য কৰে দলৰ সভাপতি অতুল বৰাই।উল্লেখ্য যে অসম গণ পৰিষদ দলৰ মন্ত্ৰী তিনিজনে পদত্যাগ কৰাৰ পিছতে দলৰ আন আন বিধায়কৰ সৈতে উজান বজাৰ স্থিত সদৌ অসম ছত্ৰ সন্থাৰ শ্বহীদ ন্যাসত উপস্থিত হয় আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যক সাক্ষাৎ কৰে।
অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি