Begin typing your search above and press return to search.

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দৰ্শন কৰিলে বৰপেটাৰ শংকৰদেৱ থান

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দৰ্শন কৰিলে বৰপেটাৰ শংকৰদেৱ থান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Oct 2018 7:36 AM GMT

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সংস্কৃতি আৰু সাহিত্যৰ বিশেষ অৱদান আগবঢ়োৰ লগতে বহু অমুল্য কীৰ্ত্তন,দশম,বৰগীত,ভাওনা,ভটিমা,অংকীয়া নাট আদিৰ এই ঠাইত প্ৰচাৰ কৰিছিল ।

আমি সকলোৱে শংকৰদেৱে আগবঢ়াই যোৱা আপুৰুগীয়া সম্পদ সমূহ যেনে,সাঁচিপাত সংৰক্ষন কৰিব লাগে লগতে আধুনিক বিজ্ঞানসন্মত পদ্ধতিৰ সহায়ত গুৰুজনাৰ সমল সমূহ,আদৰ্শ সমূহ সংৰক্ষন কৰি ৰাখি নৱপ্ৰজন্মক সেইসমূহৰ প্ৰতি অনুপ্ৰানিত কৰাৰ লগতে অসমীয়া সংস্কৃতিৰ পৰিচয় দাঙি ধৰি সৱলীকৰনৰ বাবে চেষ্টা কৰিব লাগে বুলি মত প্ৰকাশ কৰে অসম মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। যোৱা মঙলবাৰে বৰপেটাৰ পাটবাউসী সত্ৰত সত্ৰৰ সম্পদ সমূহক সংৰক্ষন কৰি ৰাখিব লাগে বুলি হোৱা আলোচনা অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উক্ত কথাখিনিৰ মত প্ৰকাশ কৰে ।

ইয়াৰোপৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সাঁচিপাতৰ লগতে আন সম্পদ সমূহ সংৰক্ষনৰ বাবে আধুনিক সংগ্ৰাহলয় নিৰ্মানৰ বাবে ৫০লাখ টকা আৱণ্টন কৰা কথা ঘোষনা কৰে ।

Next Story
চাকৰি