Begin typing your search above and press return to search.

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ নিৰ্বাচন আচৰণ বিধি ভংগৰ অভিযোগ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ নিৰ্বাচন আচৰণ বিধি ভংগৰ অভিযোগ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Dec 2018 9:45 AM GMT

অসম প্ৰদেশ কংগ্ৰেছ কমিতিয়ে মংগলবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগ লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিতিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ উপৰিও দৰং জিলাৰ দেওঁমৰণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অক্ষয় কুমাৰ নাথৰ বিৰুদ্ধেও নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগ উত্থাপন কৰিছে।কংগ্ৰেছৰ জেষ্ঠ নেতা জয়নাথ শৰ্মা আৰু ৰঞ্জন শৰ্মা সহিতে অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ এটা প্ৰতিনিধি দলে ৰাজ্যিক নিৰ্বাচন আয়ুক্ত এইচ এন বৰাৰ হাতত স্মাৰক পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰী সোণোৱাল আৰু প্ৰধান শিক্ষক জনে ডেওমৰণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰ খন নিৰ্বাচনী কাম কাজৰ বাবে ব্যৱহাৰ কৰা বুলি অভিযোগ

তোলে।

অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ অভিযোগ মতে সোমবাৰে দৰং জিলাৰ অন্তৰ্গত ডেওমৰণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰা হৈছিল আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সেই নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছিল। প্ৰদেশ কংগ্ৰেছ কমিতিয়ে আকৌ অভিযোগ তোলে যে বিদ্যালয়খনৰ প্ৰধান শিক্ষক জনে সোমবাৰে ১২ বজাৰ পৰা বিদ্যালয়ৰ শ্ৰেণী সমূহ বাতিল কৰি ছাত্ৰ-ছাত্ৰী সকলক নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰিব কৈছিল। সোমবাৰৰ ঘটনাটো চৰকাৰী বিদ্যালয় নিৰ্বাচনৰ সময়ত ব্যৱহাৰ কৰাৰ স্পষ্ট উদাহৰণ ই নিৰ্বাচনী আচৰণ বিধি ভংগ কৰিছে।প্ৰদেশ কংগ্ৰেছ কমিতিয়ে প্ৰধান শিক্ষকজনৰ বিৰুদ্ধেও প্ৰত্যক্ষভাবে ৰাজনীতিত জড়িত থকাৰ অভিযোগ তোলে।

অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি

Next Story
চাকৰি