Begin typing your search above and press return to search.

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ উপস্থিতিত প্ৰায় তিনি শতাধিক সদস্যৰ বিজেপিত যোগদান

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ উপস্থিতিত প্ৰায় তিনি শতাধিক সদস্যৰ বিজেপিত যোগদান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 April 2019 11:47 AM GMT

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ উপস্থিতিত সদৌ অসম নিবনুৱা সন্থাৰ সভাপতি নীলমণি হাজৰিকা আৰু ৩০০ সদস্যই আজি বিজেপিত যোগদান কৰে | উচ্চ ন্যায়ালয়ৰ অধিবক্তা অনুপমা দেৱী আৰু ডিব্ৰুগড়ৰ অভিযন্ত্ৰা প্ৰদীপ কুমাৰ ডেকাই যোগদান কৰে বিজেপিত | এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ উপস্থিত থাকে।

আনহাতে বিজেপিত যোগদানৰ পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক কৃতজ্ঞতা জ্ঞাপন কৰে ৰাজ্যিক বিজেপিয়ে| হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত সভাপতি ৰঞ্জিত দাসে জনালে কৃতজ্ঞতা|

এই অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সাংবাদিক সকলক ধন্যবাদ জ্ঞাপন কৰে | প্ৰতিটো পৰ্যায়ৰ সতীৰ্থ কৰ্মীৰ সহযোগত বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম সকলোতে ৰাইজৰ কাষলৈ গৈ আশীষ ল'বলৈ সক্ষম হৈছে বুলি প্ৰকাশ কৰে | সাংবাদিকসকলেও প্ৰখৰ ৰ'দকে নেওচি বহু কষ্ট কৰে বুলি প্ৰকাশ কৰাৰ লগতে অতি শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে বুলি কয় | ৰাইজে অত্যন্ত উৎসাহ উদ্দীপনাৰে ভোটদান কৰিছে | সাংবাদিকেও বিশেষ ভূমিকা গ্ৰহণ কৰিছে ৰাইজৰ মাজলৈ বাৰ্তা কঢ়িয়াই নিয়াত । লগতে মিলা প্ৰীতিৰে কাম কৰিলে বহু কাম কৰিব পাৰি বুলি প্ৰকাশ কৰে ।

উল্লেখ্য যে, নীলমণি হাজৰিকাই তেওঁৰ সন্থাৰ সদস্য সকলৰ সৈতে কিছুদিন পূৰ্বে দিচপুৰ প্ৰেছ ক্লাৱৰ সন্মুখত নাগৰিকত্ব সংশোধনী বিধেয়ক দাহ কৰিছিল| কিন্তু তাৰ কেইদিনমান পাছতেই বিজেপিত যোগদান কৰা কথাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে|

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি