Begin typing your search above and press return to search.

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ অসম ৰাইফলচৰ জোৱানৰ পৰিয়াললৈ ঘোষণা ২০ লাখ টকা

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ অসম ৰাইফলচৰ জোৱানৰ পৰিয়াললৈ ঘোষণা ২০ লাখ টকা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 May 2019 8:13 AM GMT

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মন্তব্য কৰে যে অসম চৰকাৰে বিগত ২৫ মে’ত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ ত্যাগ কৰা অসম ৰাইফল্চৰ জোৱান কালীদাস শৰ্মাৰ পৰিয়ালক ২০ লাখ টকা দিয়াৰ কথা ঘোষণা কৰে ৷ এক সংবাদ বিবৃত্তি অনুসৰি শোনিতপুৰ জিলাৰ বালীপাৰাৰ খনামুখ বৰজানৰ কালিদাস শৰ্মা সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ ত্যাগ কৰে ৷

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে দেশৰ এই জোৱানসকলৰ সাহস আৰু পৰাক্ৰমৰ ওপৰত দেশবাসীয়ে গৰ্বিত অনুভৱ কৰে ৷যিয়ে দেশৰ কাৰণে নিজৰ প্ৰাণত্যাগ কৰিব পাৰে ৷ মুখ্যমন্ত্ৰী সোনোৱালে স্বৰ্গীয় কালীদাস শৰ্মাৰ আত্মাৰ শান্তিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে ৷ আৰু কালীদাস শৰ্মাৰ পৰিয়াললৈও সমবেদনা জ্ঞাপন কৰে ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি