Begin typing your search above and press return to search.

মুম্বাইত অঘটন: ফুটব্ৰীজ খহি পৰি ৬ জন নিহত

মুম্বাইত অঘটন: ফুটব্ৰীজ খহি পৰি ৬ জন নিহত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 March 2019 8:57 AM GMT

মুম্বাইত ফুটব্ৰীজ খহি পৰি ৬ জনৰ মৃত্যু , ৩৪ জন আহত । আহত আৰু নিহত হোৱাৰ সংখ্যা বৃদ্ধি হব পাৰে বুলি প্ৰকাশ কৰিছে । মুম্বাই চহৰৰ চাবৰবান ৰেল ষ্টেচনৰ পৰা চত্ৰাপতি শিৱাজি মহাৰাজ তাৰমিনাচৰ সংযুক্ত কৰা ফুটব্ৰীজ খন বৃহস্পতি বাৰে খহি পৰে । এই ঘটনাৰ বাবে পৌৰনিগম আৰু ৰেলৱেক জগৰীয়া কৰিছে । বিগত বৰ্ষত চিভিচ কতৃপক্ষয়ে ফুটব্ৰীজ খন সুৰক্ষিত বুলি প্ৰকাশ কৰিছিল । আহতসকলক ভৰ্তি কৰোৱা হৈছে ছেইণ্ট জৰ্জ হাস্পতালত। বৃহস্পতিবাৰে নিশা খহি পৰে ফুটব্ৰীজখনৰ এটা বৃহৎ অংশ।

এই ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰনবিছ। আহতসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে। ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইফালে, নিহতৰ পৰিয়াললৈ ৫ লাখ আৰু আহতসকললৈ ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ফাৰনবিছে।

ব্ৰীজ খনক হিমালয়া ব্ৰীজ বুলিও জনাজাত। মুখ্যমন্ত্ৰী দেৱন্দ্ৰ ফাৰনবিছে আহত সকল লগ কৰি স্বাস্থ্যৰ বুজ লয়।এই ঘটনাত দুখ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙেও। কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়েও এই ঘটনাত দুখ প্ৰকাশ কৰে ।ব্ৰীজ খন সন্ধিয়া প্ৰায় ৭.৩০ বজাত খহি পৰে । ৰেলৱে বিভাগে জনোৱা মতে ব্ৰীজ খন মুম্বাই চিভিচ বডীৰ নেতৃত্বত আছে । ঘটনাটো সংঘটিত হোৱাৰ পাছত NDRF ৰে উদ্ধাৰ কৰে । প্ৰকাশ কৰা মতে বহু লোকে ধ্বংসাৱশেষ ত সোমোই পৰিছিল । গুৰুত্বভাবে আহত সকলৰ ২ গৰাকী মহিলাও আছিল ।

অধিক খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি

Next Story
চাকৰি