মেকলিঅড ৰাছেলৰ কৰ্মচাৰীৰ ভৱিষ্যতক লৈ অনিশ্বয়তা

মেকলিঅড ৰাছেলৰ কৰ্মচাৰীৰ ভৱিষ্যতক লৈ অনিশ্বয়তা
Published on

মেকলিঅড ৰাছেলে ইয়াৰ ওপৰত থকা বাকীৰ বোজা কমাই নিজৰ ব্যৱসায় বিদেশলৈ সম্প্ৰসাৰণ কৰিবলৈ তিনিচুকীয়া জিলাত থকা ৮ খন মূখ্য চাহবাগান মুম্বাইৰ এম কে শ্বাহ এক্সপ'ৰ্ট লিমিটেডৰ ওচৰত প্ৰায় ৩৩১ কৌটি টকাত বিক্ৰী কৰিবলৈ লোৱা সিদ্ধান্তই প্ৰতিষ্ঠানটোৰ হাজাৰ হাজাৰ কৰ্মচাৰীৰ ভৱিষ্যতক লৈ চৰম শংকাৰ সৃষ্টি কৰিছে। মেকলিঅড ৰাছেল হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ চাহপাত কোম্পানী আৰু উইলিয়ামচন মেগৰৰ এটা অংশ, যিয়ে ইয়াৰ সমগ্ৰ দেশত থকা ৬৫ খন বাগানৰ পৰা ১১৮ মিলিয়ন কেজি চাহপাত উৎপাদন কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com