মেক ইন ইণ্ডিয়া বিষয়ক চেমিনাৰ সম্পন্ন

মেক ইন ইণ্ডিয়া বিষয়ক চেমিনাৰ সম্পন্ন
Published on

সদৌ ভাৰতীয় ম্যানেজমেণ্ট সংস্থাৰ স্বীকৃতিপ্ৰাপ্ত উত্তৰ পূৰ্বাঞ্চলৰ ম্যানেজমেণ্ট ক্ষেত্ৰৰ বাটকটীয়া গুৱাহাটী ম্যানেজমেণ্ট সংস্থাৰ উদ্যোগত বুধবাৰে নেডফি ভৱনত 'মেক ইন ইণ্ডিয়া: অসমৰ বাবে সম্ভাৱনা' শীৰ্ষক এখন চেমিনাৰ অনুষ্ঠিত হৈ যায়। চেমিনাৰখনত আদৰণি ভাষণ আগবঢ়াই গুৱাহাটী মেনেজমেণ্ট সংস্থাৰ সভাপতি ডি এন বৰুৱাই আৰু সাধাৰণ সম্পাদক ডি. গোহাইয়ে সামৰণি ভাষণ আগবঢ়াই।

এন আৰ এলৰ প্ৰক্তন ম্যানেজমেণ্ট ডাইৰেক্টৰ বি কে দাস, আই আই টি গুৱাহাটীৰ সঞ্চালক গোটম বৰুৱা, প্ৰাক্তন সৰ্বভাৰতীয় প্ৰশাসনিক বিষয়া স্বপ্নালী বৰুৱা,অসম ম্যানেজমেণ্ট সংস্থাৰ প্ৰক্তন সঞ্চালক শান্তিকাম হাজৰিকা আদি বিশেষজ্ঞ সকলে নিৰ্ধাৰিত বিষয়ৰ ওপৰত ভাষন প্ৰদান কৰে। চেমিনাৰ খনত মেক ইন ইণ্ডিয়াই অসমত সৃষ্টি কৰিব পৰা সম্ভাৱনাৰ ওপৰত বিষদভাবে পৰ্যালোচনা কৰা হয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com