মেঘালয়ৰ উপ-নিৰ্বাচনত কনৰাড চাংমাৰ জয়লাভ

মেঘালয়ৰ উপ-নিৰ্বাচনত কনৰাড চাংমাৰ জয়লাভ
Published on

মেঘালয়ৰ মুখ্যমন্ত্ৰী তথা নেচনেল পিপলচ পাৰ্টিৰ প্ৰাৰ্থী কৰনাড চাংমায়ে মেঘালয়ৰ উপ-নিৰ্বাচন দক্ষিন তুৰা সমষ্টিৰ পৰা বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিছে।মুখ্যমন্ত্ৰীজনে ১৩,৬৫৬ টা ভোট পোৱাৰ বিপৰীতে কংগ্ৰেছৰ ছাৰ্লট ডব্লিউ মমিনে মাত্ৰ ৫,২৩৫ টা ভোট লাভ কৰে।৮,৪২১ টা বিপুল ভোটৰ ব্যৱধানত মুখ্যমন্ত্ৰীজনে জয়লাভ কৰে।কংগ্ৰেছৰ পৰা নেচনেল পিপলচ পাৰ্টিলৈ যোৱা মেঘালয় বিধানসভাৰ অধক্ষ্য মাৰ্টিন ডাংগ্গুৱে পৰাজয়বৰণ কৰিছে।ৰানিকৰ সমষ্টিৰ পৰা প্ৰাক্তন অধক্ষ্য জনে ইউনাইটেড ডেম'ক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী পিয়ুচ মাৰৱিনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।মাৰৱিনে ১৩,১৮৩ টা ভোট পোৱাৰ বিপৰীতে ডাংগ্গুৱে ১০,২৪৭ টা ভোট লাভ কৰি পৰাজয়বৰণ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com