মেঘালয়ৰ কয়লা খনিত আবদ্ধ হৈ পৰা শ্ৰমিকৰ সন্ধানত চলিছে অভিযান

মেঘালয়ৰ কয়লা খনিত আবদ্ধ হৈ পৰা কয়লা খনিটোৰ পৰা ক্ৰমে পচা গোন্ধ নিৰ্গত হবলৈ ধৰিছে। থাইলেণ্ডৰ পৰা অনা উচ্চক্ষমতা সম্পন্ন পাম্পৰ সহায়ত উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। উদ্ধাৰস্থালীৰ পৰা ক্ৰমে বতাহত ভাহি অহা পচা গোন্ধে দুচিন্তাত পেলাইছে অভিযান কাৰী দলক। বিগত ১৩ ডিচেম্বৰৰ নিশা মেঘালয়ৰ পূৱ জয়ন্তীয়া জিলাৰ কচন গাঁও অঞ্চলৰ হাবিত ভিতৰত অৱস্থিত এটি বেআইনী কয়লা খনিত কয়লা খান্দিবলৈ গৈ আবদ্ধ হৈ পৰিছিল এই দুৰ্ভগীয়া শ্ৰমিক কেইজন।শ্ৰমিক কেইজন আবদ্ধ হৈ পৰা অভিশপ্ত কয়লা খনিটোৰ ওচৰেৰে পাৰ হৈ গৈছে লিটিয়েন নদী।
এতিয়াও কয়লা খনিত আবদ্ধ হৈ থকা পোন্ধৰজন শ্ৰমিকৰ জীৱনক লৈ প্ৰচণ্ড দুঃচিন্তাৰ সৃষ্টি হৈছে। মূলত প্ৰয়োজনীয় উদ্ধাৰ অভিযানত ব্যৱহৃত সা-সৰঞ্জামৰ অভাবৰ ফলতেই মুত্যুৰ মুখত ককবকাই থকা শ্ৰমিক কেইজনক উদ্ধাৰ কৰা সম্ভৱ হোৱা নাছিল।এই কথা গম পাই ভাৰতৰ গধুৰ সা-সৰঞ্জাম নিৰ্মাণকাৰী সংস্থা এটাই থাইলেণ্ডৰ পৰা উদ্ধাৰ অভিযানত ব্যৱহৃত উচ্চক্ষমতাসম্পন্ন পাম্প ভাৰতলৈ আনে। এতিয়া সেই পাম্পৰ সহায়তে চলিছে উদ্ধাৰ অভিযান। থাইলেণ্ডৰ পৰা অনা উন্নত প্ৰযুক্তিৰ অত্যাধুনিক পাম্পৰ সহায়ত এতিয়া অভিশপ্ত কয়লা খনিটোৰ ভিতৰত থকা পানী বাহিৰলৈ উলিয়াই থকা হৈছে।
উদ্ধাৰ অভিযানত থকা ডুবাৰুৱে সেই স্থানত পানীত নামি যাওঁতে পচা গোন্ধ পোৱা বুলি প্ৰকাশ কৰিছে, এই পচা গোন্ধ কোনো মৃতদেহৰ বুলি অভিযানকাৰী বাহিনীয়ে সন্দেহ কৰিছে। বেচৰকাৰী পাম্প নিৰ্মাণকাৰী সংস্থাটোৰ তৰফৰ পৰা কয়লা খনিটোত আবদ্ধ হৈ থকা শ্ৰমিক সকলক উদ্ধাৰৰ বাবে সকলো প্ৰকাৰৰ প্ৰচেষ্ঠা অব্যাহত ৰাখিছে বুলি মন্তব্য কৰিছে। মেঘালয় চৰকাৰৰ সহযোগত সংস্থাটোৱে এই উদ্ধাৰ কাৰ্য্য আগবঢ়াই নিছে। উল্লেখযোগ্য যে উদ্ধাৰকাৰী দলে বিগত দুটা সপ্তাহ ধৰি কয়লা খনিটোৰ পৰা পানী নিষ্কাষণৰ কাম কৰি থকা বুলি উল্লেখ কৰিছে যদিও সেয়া পৰ্য্যপ্ত নহয় বুলি মন্তব্য কৰে। কয়লা খনিটোৰ পৰা পানী নিষ্কাষণৰ বাবে ১০০ হৰ্স ক্ষমতা যুক্ত পাম্পৰ প্ৰয়োজন।
মেঘালয়ৰ কয়লা খনিত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ শ্ৰমিকে কাম কৰি আহিছে। মেঘালয়ৰ মূখ্যমন্ত্ৰী কনৰাড চাংমাই ইতিমধ্যে সমগ্ৰ ঘটনাটো সন্দৰ্ভত এক তদন্তৰ ঘোষাণা কৰিছে। মেঘালয়ত আৰু বহুতো বেআইনী ভাবে চলি থকা কয়লা খনি আছে যিসকল কয়লা খনিয়ে ন্যেচনেল গ্ৰীণ ট্ৰিবিউনৰ নিয়মৰ বাহিৰত গৈ শ্ৰমিকক কামত ব্যৱহাৰ কৰি আহিছে।
অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি