মৈৰাবাৰীত গুণোৎসৱৰ আয়োজন

মৈৰাবাৰীত গুণোৎসৱৰ আয়োজন
Published on

শিক্ষাৰ্থীয়ে গুনগত শিক্ষা পাবলৈ সক্ষম হৈছে নে নাই সেই বিষয়ত গুৰুত্ব দিয়া উচিত । মৰিগাঁও কলেহৰ সহকাৰী শিক্ষক পল্লৱী হাজৰিকাই শিক্ষাৰ বাহ্যিক দিশ সমূহ বিশ্লেষন কৰিবলৈ মৰিগাঁওৰ লাহৰীঘাট শিক্ষা বিভাগৰ অন্তৰ্গত গৰৈমাৰী এমইএম স্কুলত আয়োজন কৰা দ্বিতীয় গুণোৎসৱ অনুষ্ঠানত অংশ গ্ৰহন কৰে । পল্লৱী হাজৰিকাই পুৱা ৮ বজাত বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে মত বিনিময় কৰে ।

ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে মত বিনিময় কৰাৰ পিছত বিদ্যালয় খনৰ শ্ৰেনীকোঠা,শৌচাগাৰ আৰু সমগ্ৰ চৌপাশ পৰ্যবেক্ষন কৰে । ইয়াৰোপৰি ছাত্ৰ-ছাত্ৰী সকলৰ পঢ়া,লিখা আৰু সংখ্যাগত দক্ষতা,বিদ্যালয়ৰ সা-সজুঁলি আদিৰি নিৰীক্ষন কৰে ।

বিদ্যালয় খনত ২৪৪জন ছাত্ৰ-ছাত্ৰী আৰু ৮গৰাকী শিক্ষকৰ লগতে আফাজদ্দিন আহমেদ নামৰ এজন প্ৰধান শিক্ষক আছে । গুণোৎসৱ অনুষ্ঠান মৈৰাবাৰী মডেল স্কুল,মৈৰাবাৰী এমইএম,মৈৰাবাৰী ৰাষ্ট্ৰভাষা এমই আদি ভিন্ন স্কুলত অনুষ্ঠিত হৈছে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com