Begin typing your search above and press return to search.

মোহময়ী অভিনেত্ৰী ঐশ্বৰ্যলৈ জন্মদিনৰ শুভেচ্ছা,৪৫বছৰীয়া অভিনেত্ৰী গৰাকীৰ কেইখনমান বিৰল ফটো

মোহময়ী অভিনেত্ৰী ঐশ্বৰ্যলৈ জন্মদিনৰ শুভেচ্ছা,৪৫বছৰীয়া অভিনেত্ৰী গৰাকীৰ কেইখনমান বিৰল ফটো

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Nov 2018 11:38 AM GMT

সৌন্দৰ্য আৰু অভিনয়ৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা বলীউদৰ মোহময়ী অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনৰ বৃহস্পতিবাৰ অৰ্থাৎ আজি ৪৫ সংখ্যক জন্মদিন। নিজৰ কৰ্মদক্ষতাৰ বাবে বলীউদত দপদপাই থকা এই অভিনেত্ৰী গৰাকীয়ে ১৯৯৭ চনত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল এখন তামিল ছবিৰে। বিবাহৰ পূৰ্বৰ পৰা বৰ্তমানলৈকে নিজৰ বলিষ্ঠ অভিনয়ৰে দৰ্শকক বহুকেইখন ছবি উপহাৰ দিয়া অভিনেত্ৰী গৰাকীয়ে বিবাহৰ পিছতো নিজৰ কেৰিয়াৰত কোনো বাধা নিদিয়াকৈ বহু কষ্টৰে সক্ষমতা অৰ্জন কৰি আহিছে ।অমিতাভ বচ্চনৰ পুত্ৰ অভিষেক বচ্চনৰ সৈতে ২০০৭ চনত বিবাহ পাশত আৱদ্ধ হয় আৰু এজনী কন্যা সন্তান(আৰাধ্যা)ৰ মাতৃ হয় ।

বিবাহ,সন্তান আৰু পৰিয়ালৰ লগতে নিজৰ কেৰিয়াৰৰ ওপৰতো সমানে গুৰুত্ব দি অহা অভিনেত্ৰী গৰাকীয়ে ১৯৯৪চনত 'মিছ ৱৰ্ল্ড'ৰ খিতাল লাভ কৰে ।ঐশ্বৰ্য্যৰ বহু কেইখন জনপ্ৰিয় ছবিত অভিনয় কৰি বহু বটাঁ পাবলৈও সক্ষম হয় । অভিনেত্ৰী গৰাকীক সন্মানীয় পদ্মশ্ৰী(২০০৯)বটাঁ পাবলৈও সক্ষম হয় । এই সুন্দৰ প্ৰতিভাৱান অভিনেত্ৰী গৰাকীৰ কেইখন মান বিৰল ফটো তলত প্ৰকাশ কৰা হ'ল ……………

Next Story
চাকৰি