Begin typing your search above and press return to search.

মোৰ অভিনয় জীৱনৰ বৃহৎ সফলতা এক্সিডেন্টেল প্ৰাইম মিনিষ্টাৰঃ অনুপৰ খেৰ

মোৰ অভিনয় জীৱনৰ বৃহৎ সফলতা এক্সিডেন্টেল প্ৰাইম মিনিষ্টাৰঃ অনুপৰ খেৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Dec 2018 12:06 PM GMT

সদ্যহতে চৰ্চাৰ শীৰ্ষত থকা এখন ছবি হৈছে "এক্সিডেন্টল প্ৰাইম মিনিষ্টাৰ"৷ ছবিখনত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ জীৱনৰ ওপৰত আধাৰিত ছবিখনৰ ট্ৰেইলৰ বৃহস্পতি বাৰে ৰিলীজ হোৱাৰ পিছতেই বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে এক্সিডেন্টেল প্ৰাইম মিনিষ্টাৰ ছবিখন ৷ এই সন্দৰ্ভত ছবিখনত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ চৰিত্ৰত অভিনয় কৰা অনুপম খেৰে কয় যে ছবিখন জনসাধাৰণে ৰাজনৈতিক দিশেৰে নলৈ সৃজনাত্মক দিশত পৰ্যবেক্ষণ কৰিব লাগে৷

লগতে অনুপম খেৰে কয় যে মোৰ অভিনয় জীৱনত সকলোতকৈ বৃহৎ সফলতা "এক্সিডেণ্টেল প্ৰাইম মিনিষ্টাৰ" ৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ চৰিত্ৰত অভিনয় কৰি লাভ কৰিছোঁ ৷ প্ৰথমতে মই এই ছবিখনত অভিনয় কৰাৰ কাৰণে সন্মতি প্ৰদান কৰা নাছিলোঁ ৷ কাৰণ মই জানিছিলোঁ যে, এই ছবিখনে যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰিব।লগতে অভিনেতা অনুপম খেৰে কয় যে,আধুনিক ৰাজনৈতিক ক্ষেত্ৰখনৰ এজন সদস্য হ’বলৈ পায় ৷ মই নিজকে ধন্য মানিছোঁ ৷ উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ যুৱ কংগ্ৰেছে এই ছবিখনক মুক্তি দিয়াৰ প্ৰাকমূহুৰ্তেই তেওঁলোকক ছবিখন দেখাবলৈ দাবী কৰিছিল ৷ অৱশ্যে পিছ মুহুৰ্ততে এই দাবী উঠাই লয় সংগঠনটোৱে ৷ এই সন্দৰ্ভত অনুপম খেৰে সংগঠনটোৱে নিজৰ চিন্তা পৰিৱৰ্তন কৰা বিষয়টোক প্ৰশংসা কৰে৷

উল্লেখ্য যে ইফালে ট্ৰেলৰ ৰিলীজ হোৱাৰ পিছতেই অভিনেতা অনুপম খেৰে ছবি খনৰ কলা কুশলীসকলক ধন্যবাদ জ্ঞাপন কৰে ৷বিশেষকৈ সহ অভিনেতা অক্ষয় খান্নাক ধন্যবাদ জ্ঞাপন কৰি অনুপম খেৰে ,অক্ষয় খান্নাৰ বিষয়ে সৌহাৰ্দপূৰ্ণ ভাষাৰে ইনষ্টাগ্ৰামত নিজৰ ভাব প্ৰকাশ কৰে৷ইনষ্টাগ্ৰামত নিজৰ ভাব ব্যক্ত কৰি অনুপম খেৰে অক্ষয় খান্নাৰ বিষয়ে লিখে যে আপুনি এজন অদ্ভুত আৰু অত্যন্ত সৰল অন্তৰৰ সহ অভিনেতা ৷ আপোনাৰ প্ৰতিভাই মোৰ অভিনয়ৰ ওপৰত প্ৰভাৱ পেলোৱাৰ কাৰণেই মই মোৰ চৰিত্ৰত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’লো ৷ আপুনি সকলোৰে কাৰণে প্ৰেৰণা ৷

এক্সিডেন্টেল প্ৰাইম মিনিষ্টাৰ ছবি খনত অনুপম খেৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ চৰিত্ৰত অভিনয় কৰিছে ৷ অক্ষয় খান্নাই সঞ্জয় বাৰু, অৰ্জুন মাথুৰ আৰু আহানা মাথুৰে ক্ৰমে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছে৷ আনহাতে সুৰ্জেইন ৱৰ্নেটে প্ৰাক্তন কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ চৰিত্ৰ অভিনয় কৰিছে ৷ ইফালে "এক্সিডেন্টেল প্ৰাইম মিনিষ্টাৰ "ছবিখন মুক্তি লাভ কৰিব ২০১৯ চনৰ ১১ জানুৱাৰীত ৷

সম্প্ৰতি ছবিখনৰ ট্ৰেইলৰটোৰ লোকপ্ৰিয়তালৈ চাই সকলোৰে অপেক্ষা মাথো ছবিখনে মুক্তি পোৱা দিনটোলৈ ৷ কাৰণ অনুপম খেৰ আৰু অক্ষয় খান্নাৰ অন্যান্য ছবিসমূহত বিভিন্ন চৰিত্ৰত অভিনয় কৰোঁতে যি জীৱন্ত অভিনয় দেখিবলৈ পোৱা যায় সেয়া নিশ্চয় কোৱাৰ প্ৰয়োজন নাই। কিন্তু এক্সিডেন্টেল প্ৰাইম মিনিষ্টাৰ ছবিখনে মুক্তি পোৱাৰ পিছতহে দৰ্শকসকলে জানিব পাৰিব ছবিখন হিট নে ছুপাৰহিট ৷

অধিক খবৰৰ বাবে পঢ়ক: মনোৰঞ্জন

Next Story
চাকৰি