মৌলিক অধিকাৰ পূৰণৰ দাবীত শোণিতপুৰৰ চাৰিদুৱাৰৰ আকাশ বতাহ উত্তাল কৰিলে আদিবাসী ছাত্র সন্থা । সদৌ অসম আদিবাসী ছাত্র সন্থা শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত পাঁচ শতাধিক ৰাইজে পুৱা দহ বজাৰপৰা চাৰিদুৱাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত তিনি ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে | চাহ শ্ৰমিকৰ মজুৰি ৩৫০ টকালৈ বৃদ্ধি, অদিবাসীৰ ওপৰতশোষন বন্ধ কৰক, গাওঁসমূহত বিজুলী বাতিৰ ব্যৱস্থা কৰক, বিদ্যালয় স্থাপন কৰক, ৰাস্তা ঘাত পকীকৰন কৰক আদি বিভিন্ন শ্লোগান দি প্ৰতিবাদকাৰীসকলে চাৰিদুৱাৰ ফৰেষ্টগেটৰপৰা হাতে হাতে বেনাৰ - ফেষ্টুন লৈ এক প্ৰতিবাদী সমদলো উলিয়ায় ।
Begin typing your search above and press return to search.