মৰানত স্বামীয়ে নৃশংসভাৱে হত্যা কৰিলে পত্নীক

মৰানত স্বামীয়ে নৃশংসভাৱে হত্যা কৰিলে পত্নীক
Published on

ৰঙৰ উৎসৱ ফাকুৱাৰ আনন্দ-উলাহৰ মাজতে মৰানত এক নৃশংস ঘটনা সংঘটিত হৈছে । বুধবাৰে নিশা সুৰাৰ নিচাত স্বামীয়ে মৰিয়াই হত্যা কৰিলে পত্নীক । এই ঘটনা সংঘটিত হৈছে ডিব্ৰুগড় জিলাৰ মৰাণ চাহ বাগিছাৰ খেৰবাৰী লাইনত ।

স্থানীয় লোকে জনোৱা মতে পত্নী লক্ষ্মণী কৰ্মকাৰক মৰিয়াই হত্যা কৰিলে স্বামী দুৰ্গা প্ৰসাদ কৰ্মকাৰে। মৰাণ চাহ বাগিচাৰ খেৰবাৰী লাইনত সংঘটিত হয় এই হত্যাকাণ্ড। ৫০ বছৰীয়া দুৰ্গা প্ৰসাদ কৰ্মকাৰে সুৰাৰ নিচাতে নিজ পত্নীক হত্যা কৰিলে ।গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত মহিলাগৰাকীৰ নিশাই চিকিৎসা অবিহনে ঘৰতে মৃত্যু হয় ৷

ইতিমধ্যে মৰাণ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী দুৰ্গা প্ৰসাদ কৰ্মকাৰক। আৰক্ষীয়ে জনোৱা মতে দুৰ্গা প্ৰসাদ কৰ্মকাৰে বাহৰ লাঠিৰে পত্নীৰ মুৰত আঘাত কৰাৰ ফলত মৃত্যু হয় পত্নীৰ ।

ইতিমধ্যে মৰান আৰক্ষী থানাত স্বামী দুৰ্গা প্ৰসাদ কৰ্মকাৰৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে ।৩০২ ধাৰাৰ অধীনত গোচৰ নং ৬০|১৯ ত গোচৰ ৰুজু কৰা হৈছে স্বামী দুৰ্গা প্ৰসাদ কৰ্মকাৰৰ বিৰুদ্ধে। ইতিমধ্যে পত্নীৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে পঠিওৱা হৈছে|

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com