Begin typing your search above and press return to search.

মৰান, গহপুৰৰ ৰেলীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

মৰান, গহপুৰৰ ৰেলীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 March 2019 6:42 AM GMT

শনিবাৰে অসমত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰতীয় জনতা পাৰ্টিৰ হৈ তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত গহপুৰ আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ মৰানৰ দুটাকৈ ৰেলীত অংশগ্ৰহণ কৰি প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

৩০ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৰানৰ প'ল' ক্লাব গ্ৰাউণ্ডত দিনৰ ১২.৫০ বজাত ৰেলীত অংশগ্ৰহণ কৰিব । ২.৫০ বজাত গহপুৰত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এই ৰেলীৰ নিজে পৰ্যবেক্ষন কৰিছিল ।

আনহাতে ৩১ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ কনফৰেন্সৰ জৰিয়তে সমগ্ৰ দেশৰ লগতে অসমৰ ১৪ টা লোকসভা সমষ্টিত সম্বোধন কৰিব । এই ভিডিঅ কনফৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে সাধাৰণ লোকক সম্বোধন কৰিব । " মে-ভী-চকীদাৰ " মত বিনিময়ৰে নৰেন্দ্ৰ মোদীৰ ভিডিঅ কনফৰেন্স। অসমৰ ১৪ টা লোকসভা সমষ্টি কৰিমগঞ্জ, শিলচৰ, ডিফু, কোকৰাঝাৰ, বৰপেটা, গুৱাহাটী, মংগলদৈ, তেজপুৰ, নগাঁও, কলিয়াবৰ, ডিব্ৰুগড় আৰু লক্ষিমপুৰত সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ।

বিজেপিয়ে ইতিমধ্যে দুটা নিৰ্বাচনী প্ৰচাৰ শীৰ্ষক গীত " আকৌ এবাৰ মোদী চৰকাৰ" আৰু " আমিয়ে চকীদাৰ " দলৰ কাৰ্যালয়ত মুকলি কৰে ।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি