মৰিগাঁওত চাফা ৰাস্তাতে ঝাৰু লগালে কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁসাইয়ে

মৰিগাঁওত চাফা ৰাস্তাতে ঝাৰু লগালে কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁসাইয়ে
Published on

"স্বচ্ছতা হি সেৱা" শীৰ্ষক এক অভিযানৰ অধীনত দেশৰ লগতে ৰাজ্য ভিন্ন প্ৰান্তৰ আৰম্ভ হয় স্বচ্ছতাৰ কাৰ্য্যসূচী । সোমবাৰে মৰিগাঁও পৌৰসভাও অংশ লয় স্বচ্ছতাৰ কাৰ্য্যসূচীত । উক্ত অনুস্থানত উপস্থিত থাকে কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোঁহাই । পিছে স্বচ্ছতাৰ নামত মৰিগাঁওৰ নগৰত প্ৰদৰ্শন কৰিলে এখন এখন বাটৰ নাট ।লেতেৰা চাফা কৰিলে জোতা চেণ্ডেল খুলিব নেলাগিব জানো । ইমান লেতেৰা বোৰ নো কেনেকৈ চাফা কৰে আমাৰ গোহাঁই চাৰে । গতিকে চাফা ৰাস্তাতে ঝাৰু লগালে গোহাঁই চাৰে । গতিকে চাৰ লগে লগে চাফাই অভিযানত নামি পৰিল মৰিগাঁও পৌৰপতি মধুস্মিতা গোহাঁই, তিৱা স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য পবন মান্তাৰ লগতে একাংশ নেতা পালিনেতা । পিছে নাটক খন দেখি বেছ আমোদ পালে মৰিগাঁও ৰাইজে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com