Begin typing your search above and press return to search.
যাত্ৰবাহী ফেৰী দূৰ্ঘটনাৰ পৰা কথামপি ৰক্ষা কৰিলে যাত্ৰীক

অজন্তা দাসৰ এছ বি গীতা চাৰ্ভিচ ৮০০২২ পঞ্জীয়ন নম্বৰৰ ফেৰী খনেৰে প্ৰায় ৬০জন মান যাত্ৰীক ৰজাদুৱাৰ ঘাটৰ পৰা উত্তৰ গুৱাহাটীৰ দৌলগোবিন্দলৈ গৈ থকাৰ মাজতে ফেৰী খনৰ বাহত লাগি যোৱাৰ ইঞ্জিনটো বেয়া হয় আৰু বহু সময়জুৰি ফেৰী খন পানীৰ মাজত আৱদ্ধ হ'ৱলগীয়া হয়।কিন্তু কিছু সময় পিছতে এছ ডি আৰ এফ বাহিনীয়ে তৎপৰতাৰে ফেৰীখনৰ যাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও ফেৰী খনত থকা সুব্ৰত্ত দত্ত নামৰ ব্যক্তি এজনে ব্ৰহ্মপুত্ৰত জাঁপ দিয়ে আৰু অন্য দিজেন ভূঞা নামৰ ব্যক্তি এজনেও ফেৰী খনৰ পৰা জাঁপ দিয়ে।কিন্তু এছ ডি আৰ এফ বাহিনীয়ে ব্যক্তি দুজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে ডাঙৰকৈ সংঘটিত হ'ব পৰা ঘটনা এটাৰ পৰা সকলো যাত্ৰীক কথাপি ৰক্ষা কৰিলে।
Next Story